Thursday, July 7, 2022
HomeNewsগুৱাহাটীত হ'ব অসম অলিম্পিক ভৱন, অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত মুখ্যমন্ত্ৰীৰ...

গুৱাহাটীত হ’ব অসম অলিম্পিক ভৱন, অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত মুখ্যমন্ত্ৰীৰ ঘোষণা


অলিম্পিয়া প্ৰতিবেদন

অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখন শণিবাৰে গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুনৰাম ফুকন ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে অসমৰ মুখ্যমন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোনোৱালে।

সভাপতিৰ অভিভাষণত মুখ্যমন্ত্ৰী সোণোনালে কয় যে গুৱাহাটীত এটা অসম অলিম্পিক ভৱন নিৰ্মান কৰা হব।এই অলিম্পিক ভৱনত প্ৰতিটো ৰাজ্যিক ক্ৰীড়া সন্থাৰ কাৰ্যালয় স্থাপন কৰাৰো ব্যৱস্থা কৰা হব।

৩৫ খন জিলা ক্ৰীড়া সন্থা, ৩১ খন ৰাজ্যিক ক্ৰীড়া সন্থা আৰু অসম অলিম্পিক সন্থাৰ প্ৰায় ২০০ প্ৰতিনিধিয়ে এই সাধাৰণ সভাত অংশগ্ৰহণ কৰে। তদুপৰি অসম অলিম্পিক সন্থাৰ উপ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে সিদ্ধাৰ্থ ভটাচাৰ্য আৰু পীযুষ হাজৰিকা, ৰাজ্যসভাৰ সাংসদ ভুৱেনেশ্বৰ কলিতা, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱঁৰ, অসম অলিম্পিক সন্থাৰ আৰু হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন কুমাৰ দাস, ক্ৰীড়া সঞ্চালক ধৰ্মকান্ত মিলি আৰু অসম চৰকাৰৰ ক্ৰীড়া আয়ুক্ত তথা আজিৰ সভাৰ পৰ্যবেক্ষক মলয় বৰা মুখ্যমন্ত্ৰীৰ সৈতে মঞ্চত উপস্থিত থাকে।

সভাত অসম অলিম্পিক সন্থাৰ ৱেবছাইট, নিউজ লেটাৰ আৰু এটা অডিঅ ভিজুৱেল মুখ্যমন্ত্ৰী সোণোৱালে মুকলি কৰে।সভাত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱঁৰে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে।তদুপৰি অডিট ৰিপৰ্ট সাধাৰণ সভাই সৰ্বসন্মতি ক্ৰমে গৃহীত কৰে।

আজিৰ সাধাৰণ সভাত অলিম্পিক ভৱন নিৰ্মাণ, ক্ৰীড়া সন্থাৰ স্বীকৃতি, সংবিধান সংশোধনী, গ্ৰাছৰুট অলিম্পিক, ক্ৰীড়া সন্থাৰ বাৰ্ষিক কাৰ্যকলাপৰ প্ৰতিবেদন দাখিল আৰু গোৱা নেচনেল গেমছৰ ওপৰত প্ৰস্তাব গ্ৰহণ কৰা হয়।উল্লেখ্য, মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত সভাৰ দ্বিতীয় সত্ৰ পৰিচালনা কৰে অসম অলিম্পিক সন্থাৰ উপ সভাপতি ঋতুবৰণ শৰ্মাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments