Monday, October 3, 2022
HomeNewsডিমা হাচাও ক্ৰীড়া সন্থাক অসম অলিম্পিকৰ অধীনলৈ অনাৰ পোষকতা লক্ষ্য কোঁৱৰৰ

ডিমা হাচাও ক্ৰীড়া সন্থাক অসম অলিম্পিকৰ অধীনলৈ অনাৰ পোষকতা লক্ষ্য কোঁৱৰৰ

https://olympiasports.in/

অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বাংগীন বিকাশৰ কাৰণে বিভিন্ন জিলা ক্ৰীড়া সন্থা ভ্ৰমণ কৰি থকা প্ৰতিনিধি দলটোৱে শুকুৰবাৰে ডিমা হাচাও ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ সৈতে হাফলংত বৈঠকত মিলিত হয়।সভাখনত সভাপতিত্ব কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গৰ্লোছাই । সভাথনত উপস্থিত থকা ডিমা হাচাও ক্ৰীড়া সন্থাৰ অৰ্ন্তগত বিভিন্ন খেলৰ সন্থা আৰু ক্লাবসমুহৰ সদস্যসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সপোনৰ প্ৰকল্প “গ্ৰাছৰুট অলিম্পিক- মিছন টেলেন্ট হান্ট” সফলতাৰে আয়োজন কৰাৰ বাবে উদ্যোগ লব বুলি জানিবলৈ দিয়ে। প্ৰতিনিধি দলটোট লক্ষ্য কোৱঁৰৰ সৈতে আছিল অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণুৰাম নুনিছা।

আনহাতে, লক্ষ্য কোঁৱৰে ডিমা হাচাও ক্ৰীড়া সন্থাক অসম অলিম্পিক সন্থাৰ অধীনলৈ অনাৰ পোষকতা কৰিছে বুলি জানিবলৈ দিছে। সন্থাটোক অসম অলিম্পিক সন্থাৰ অধীনলৈ অনাৰ জৰিয়তে ডিমা হাচাওৰ তৃণমূল পৰ্য্যায়ৰ প্ৰতিভাসমুহে আন্তঃৰাষ্ট্ৰীয় মানত খেলাৰ বাবে এখন সঠিক মঞ্চ লাভ কৰিব বুলি অসম অলিম্পিক সন্থাৰ সম্পাদকগৰাকীয়ে আশা কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments