আজি অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা সন্থাৰ কাৰ্যবাহী সদস্য তথা অসম নেটবল সন্থাৰ যুটীয়া সম্পাদক পিকলু ৰয়ে বকুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ নেটবল প্ৰশিক্ষণ কাৰ্যসূচীৰ বুজ লয়। এই প্ৰশিক্ষণ কাৰ্যসূচী বৰ্তমান নেটবল এছ’চিয়েচন অৱ ডিব্ৰুগড়ৰ অধীনত অংকিত মহন্ত আৰু মনোৰঞ্জন হাজৰিকাৰ তত্বাৱধানত চলি আছে। উল্লেখযোগ্য যে, উক্ত নেটবল ডেভেলপমেণ্ট কেম্পটো উদ্বোধন কৰিছিল নেটবল ফেডাৰেচন অৱ ইণ্ডিয়াৰ, নেটবল ডেভেলপমেণ্ট কমিটিৰ চেয়াৰমেন হৰিওম কৌশিকে। আজি এই কাৰ্যসূচী পৰিদৰ্শন কালত পিকলু ৰয়ৰ সংগ দিয়ে নেটবল এছ’চিয়েচন অৱ ডিব্ৰুগড়ৰ সম্পাদক ৰাতুল মনি মহন্ত আৰু উপ সভাপতি ৰমেশ বৰুৱাই।
অসম অলিম্পিক সন্থাই বুজ ল’লে নেটবল কোচিং প্ৰ’গামৰ
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...