Friday, September 30, 2022
HomeNewsক্ৰীড়া সংগঠকক সম্বৰ্ধনা অসম অলিম্পিক সন্থাৰ

ক্ৰীড়া সংগঠকক সম্বৰ্ধনা অসম অলিম্পিক সন্থাৰ

অলিম্পিয়া প্ৰতিবেদন

অসম অলিম্পিক সন্থাৰ সভাগৃহত সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধিত অসমৰ চাৰিগৰাকীকৈ ক্রীড়া সংগঠক। ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সাফল্যৰ প্ৰতি সন্মান জনাই অসম অলিম্পিক সন্থাৰ এই বিশেষ সম্বৰ্ধনা অনুষ্ঠান।

মঙ্গলবাৰে ৰাজ্যৰ চাৰিগৰাকী ক্রীড়া সংগঠকক সম্বৰ্ধনা জ্ঞাপন কৰে অসম অলিম্পিক সন্থাই। ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পস্থিত অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ,সন্থাৰ উপ-সভাপতি বিষ্ণুৰাম নুনিছা, মিডিয়া উপদেষ্টা ৰাজীৱ প্ৰকাশ বৰুৱাকে আদি কৰি বিশিষ্ট ব্যক্তিসকল।

উল্লেখযোগ্য যে, সম্বৰ্ধিত আটাইকেইগৰাকী ক্রীড়া সংগঠকে বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন গুৰুত্বপূৰ্ণ পদবী লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসম ভাৰত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে শেহতীয়াকৈ ভাৰতীয় ভাৰত্তোলন ফেডাৰেচনৰ উপ সভাপতিৰ পদত অধিষ্ঠিত হোৱাৰ বিপৰীতে অসম টেনিছ সন্থাৰ সংপাদক অংকুশ দত্তই ভাৰতীয় টেনিছ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্যৰ দৰে দায়িত্ব লাভ কৰে। ইপিনে, ৰাজ্যৰ আন এগৰাকী ক্রীড়া সংগঠক বিপুল শৰ্মায়ো ভাৰতীয় ফেন্সিং সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্যৰ পদ লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতীয় নেটবল সন্থাৰ সহকাৰী সম্পাদক হিচাবে দায়িত্ব লাভ কৰা বিৰ্জু ৰামকো উক্ত অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি ভাৰতীয় ভাৰত্তোলন ফেডাৰেচনৰ নৱ-নিযুক্ত উপ-সভাপতি ভৱজ্যোতি গোস্বামীয়ে অসম অলিম্পিক সন্থাক ধন্যবাদ জ্ঞাপন কৰে।

ইপিনে, উক্ত অনুষ্ঠানতে অসম অলিম্পিক সন্থাই তেওঁলোকৰ পৰৱৰ্তী সাধাৰণ সভাত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা ৰাজ্যৰ ক্রীড়াবিদসকলক সম্বৰ্ধনা জনোৱাৰ কথা উল্লেখ কৰে সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে। তাৰোপৰি, এই খেলুৱৈসকলৰ বিষয়ে সবিশেষ অসম অলিম্পিক সন্থাৰ ৱেবচাইটত উল্লেখ থাকিব বুলিও উল্লেখ কৰে কোঁৱৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments