Tuesday, October 4, 2022
HomeNewsটকিঅ'ত ভাৰতীয় অলিম্পিক সন্থাৰ হাতত অসমৰ ক্ৰীড়াবিদ আৰু শুভাকাংক্ষীৰ স্বাক্ষৰ সম্বলিত গামোছা...

টকিঅ’ত ভাৰতীয় অলিম্পিক সন্থাৰ হাতত অসমৰ ক্ৰীড়াবিদ আৰু শুভাকাংক্ষীৰ স্বাক্ষৰ সম্বলিত গামোছা অৰ্পণ অসম অলিম্পিক সন্থাৰ

অলিম্পিয়া প্রতিবেদন

টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় এথলীটসকলক উৎসাহ যোগাবৰ বাবে অসম অলিম্পিক সন্থাৰ সদস্যই অসমৰ ক্ৰীড়াবিদ আৰু শুভাকাংক্ষীৰ স্বাক্ষৰ সম্বলিত এখন গামোছা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নৰিন্দৰ ধ্ৰুব বাট্ৰা আৰু ভাৰতীয় দলৰ চেফ ডে মিছন বীৰেন্দ্ৰ কুমাৰ বৈশ্যৰ হাতত অৰ্পণ কৰে। অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু উপ সভাপতি হেমন্ত কুমাৰ কলিতাই এই গামোচাখন নৰিন্দৰ ধ্ৰুব বাট্ৰা আৰু বীৰেন্দ্ৰ কুমাৰ বৈশ্যৰ হাতত অৰ্পণ কৰে। আনহাতে, ৪৯ কেজি শাখাৰ ভাৰোত্তোলনত ৰূপৰ পদক জয়েৰে টকিঅ’ অলিম্পিকত ভাৰতক প্ৰথমটো পদকৰ সোৱাদ দিয়া ভাৰোত্তোলক মীৰাবাঈ চানুক উৎসাহ যোগাবৰ বাবে লক্ষ্য কোঁৱৰ আৰু হেমন্ত কুমাৰ কলিতাই ৱেইটলিফটিং এৰেনাত উপস্থিত থাকি খেল প্ৰত্যক্ষ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments