Wednesday, October 5, 2022
HomeNewsক্ৰীড়া সাংবাদিকতা সন্দৰ্ভত অসমত ৰাষ্ট্ৰীয় ছেমিনাৰ; অসম অলিম্পিক সন্থাৰ মিডিয়া সমিতিৰ...

ক্ৰীড়া সাংবাদিকতা সন্দৰ্ভত অসমত ৰাষ্ট্ৰীয় ছেমিনাৰ; অসম অলিম্পিক সন্থাৰ মিডিয়া সমিতিৰ পদক্ষেপ; ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছেমিনাৰৰ জৰিয়তে অলিম্পিক বিপ্লৱক লৈ যোৱা হ’ব গ্ৰামাঞ্চললৈ

অসম অলিম্পিক সন্থাৰ মিডিয়া সমিতিৰ প্ৰথমখন সভা কালি ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত অসম অলিম্পিক সন্থাৰ সভা গৃহত অনুষ্ঠিত হৈ যায়। ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ ক্ৰমবৰ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই জনপ্ৰিয়তাক আৰু অধিক গতিশীল কৰি তুলিবলৈ অসম অলিম্পিক সন্থাই পদক্ষেপ গ্ৰহণ কৰাৰ মন মেলিছে।সন্থাই প্ৰথম পদক্ষেপ হিচাপে অতি শীঘ্ৰেই ৰাজ্যত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছেমিনাৰ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।

“চেলেঞ্জ ইন স্প’ৰ্টছ ৰিপৰ্টিং” আৰু “নিউ ট্ৰেণ্ডছ ইন স্প’ৰ্টছ ৰিপৰ্টিং” বিষয়ৰ ওপৰত অনুষ্ঠিত হ’বলগীয়া এই ছেমিনাৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব দেশৰ ক্ৰীড়া ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকীও প্ৰখ্যাত সাংবাদিক। অসম অলিম্পিক সন্থাৰ মিডিয়া সমিতিৰ চেয়াৰমেন ৰাজীৱ প্ৰকাশ বৰুৱাৰ সভাপতিত্বত কালি অনুষ্ঠিত হোৱা এই সভাখনত ছেমিনাৰখনক কেন্দ্ৰ কৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি “চেলেঞ্জ ইন স্প’ৰ্টছ ৰিপৰ্টিং” আৰু “নিউ ট্ৰেণ্ডছ ইন স্প’ৰ্টছ ৰিপৰ্টিং” বিষয়ৰ ছেমিনাৰখন ২২ মাৰ্চত অনুষ্ঠিত হ’ব বুলি প্ৰাৰম্ভিক সিদ্ধান্ত গ্ৰহণ কৰে। এই ছেমিনাৰত অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিখন জিলাই প্ৰতিনিধি প্ৰেৰণ কৰিব লাগিব আৰু প্ৰতিখন জিলাৰ দুজনকৈ ক্ৰীড়া সাংবাদিকে ছেমিনাৰখনত অংশগ্ৰহণ কৰিব পাৰিব।

কালি অনুষ্ঠিত অসম অলিম্পিকসন্থাৰ এই সভাত অসম অলিম্পিকৰ সম্পাদক লক্ষ্য কোঁৱৰে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ হকে সন্থাই কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তেওঁৰ মতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছেমিনাৰ আয়োজন কৰাৰ জৰিয়তে অলিম্পিক বিপ্লৱক অসমৰ গ্ৰামাঞ্চললৈ লৈ যোৱাতো অতি প্ৰয়োজন।

অসম অলিম্পিক সন্থাৰ মিডিয়া সমিতিৰ এই সভাত অসম অলিম্পিকৰ সম্পাদক লক্ষ্য কোঁৱৰ, মিডিয়া সমিতিৰ চেয়াৰমেন ৰাজীৱ প্ৰকাশ বৰুৱা, জ্যেষ্ঠ সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ, প্ৰণয় বৰদলৈ, সুবোধমল্ল বৰুৱা, পবিত্ৰ গগৈ, জয়ন্ত দাস, পুলিন সাহা, উদয় বৰগোহাঁই, ইমতিয়াজ আহমেদৰ লগতে অসম অলিম্পিক সন্থাৰ মিডিয়া সমিতিৰ আন আন সদস্যসকল উপস্থিত থাকে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments