অলিম্পিয়া প্ৰতিবেদন
অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণুৰাম নুনিছাৰ নেতৃত্বত সন্থাৰ এটা প্ৰতিনিধি দলে সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ প্ৰাক্তন সভাপতি তৰুণ গগৈলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। উপ সভাপতি বিষ্ণুৰাম নুনিছাৰ লগতে দলটোত আছিল অনুপ চৌধুৰী, ভৱজ্যোতি গোস্বামী, আলোক ত্ৰিপাঠীৰ লগতে সন্থাৰ আন আন বিষয়-ববীয়াসকল।

উল্লেখযোগ্য যে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ক’ভিডোত্তৰ জটিলতাৰ বাবে সোমবাৰে বিয়লি ৫.৩৪ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ।
তিনিটাকৈ কাৰ্যকালৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব পালন কৰা তৰুণ গগৈৰ দিনতে অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় ক্ৰীড়া। তেওঁৰ দিনতে অসমে লাভ কৰিছিল বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ দৰে আটকধুনীয়া আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰিকেট ষ্টেডিয়াম। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ লগে লগে এতিয়া সমগ্ৰ ক্ৰীড়া ক্ষেত্ৰতে শোকৰ ছাঁ পৰিছে।