Thursday, May 26, 2022
HomeNewsৰাজ্য চৰকাৰৰ ক্ৰীড়া উন্নয়নমুখী বিভিন্ন পদক্ষেপক ভূয়সী প্ৰশংসা অসম অলিম্পিক সন্থাৰ

ৰাজ্য চৰকাৰৰ ক্ৰীড়া উন্নয়নমুখী বিভিন্ন পদক্ষেপক ভূয়সী প্ৰশংসা অসম অলিম্পিক সন্থাৰ

অলিম্পিয়া প্ৰতিবেদন

ৰাজ্য চৰকাৰৰ উদ্যোগত শুক্ৰবাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ক্ৰীড়া পেঞ্চন দিৱস হিচাবে পালন কৰা হ’ব। উক্ত দিনটোত ৰাজ্যৰ বহুকেইগৰাকী নিৰ্বাচিত ক্ৰীড়াবিদক ক্ৰীড়া পেঞ্চন প্ৰদানৰ লগতে বিশ্ব চেম্পিয়নশ্বিপত পদক জয় কৰা দুগৰাকীকৈ অসম সন্তান ক্ৰমে বক্সাৰ যমুনা বড়ো আৰু আৰ্চাৰ সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক হিচাবে নিযুক্তিও প্ৰদান কৰিব ৰাজ্য চৰকাৰখনে। ৰাজ্য চৰকাৰৰ এনে ক্ৰীড়া উন্নয়নমুখী পদক্ষেপক প্ৰশংসাৰে উপচাই দিছে অসম অলিম্পিক সন্থাই। আজি গুৱাহাটীৰ লেণ্ডমাৰ্ক হোটেলত আয়োজিত এক সংবাদমেলত ৰাজ্য চৰকাৰে বিগত সময়চোৱাত ৰাজ্যৰ খেলুৱৈ তথা ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ হকে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপৰ বাবে চৰকাৰক বিশেষভাৱে কৃতজ্ঞতা জনায় ক্ৰীড়া সন্থাটোৱে।

আজিৰ এই সংবাদমেলত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে ৰাজ্য চৰকাৰৰ নাবাৰ্ডৰে হোৱা চুক্তি অনুসৰি শীঘ্ৰেই ১০ খন জিলা সদৰত ১০ টা বহুমুখী ক্ৰীড়া প্ৰকল্পৰ লগতে ৪০ খনকৈ মিনি ষ্টেডিয়াম নিৰ্মাণৰ কাম হাতত লোৱা হ’ব বুলি উল্লেখ কৰে। লগতে তেওঁ কয় যে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইৰ গৃহভূমি সৰুপথাৰতো ২৫ কোটি টকা ব্যয় সাপেক্ষে এটা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ বহুমুখী ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ কথা ইতিমধ্যেই ঘোষণা কৰা হৈছে। তাৰোপৰি অসমৰ প্ৰতিখন জিলা সদৰত কমেও ৫ কোটি টকা ব্যয় সাপেক্ষে অলিম্পিক মানদণ্ডৰ ছুইমিং পুল নিৰ্মাণৰ কথাও ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপৰ শলাগ লৈ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে লগতে যোৱা কেইমাহত খেলুৱৈৰ সাহাৰ্য্যৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিলৈকে ৰাজ্য চৰকাৰৰ গ্ৰহণ কৰা পদক্ষেপৰ বাবে চৰকাৰখনক কৃতজ্ঞতা জনায়।

আজিৰ এই সংবাদমেলৰ জৰিয়তে অসম চৰকাৰক আছাম স্কিল ডেভেলপমেণ্ট মিছনৰ জৰিয়তে তৃণমূল পৰ্যায়ত প্ৰশিক্ষক সৃষ্টিৰ প্ৰতিও আহ্বান জনায় অসম অলিম্পিক সন্থাই। তাৰোপৰি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত ৰাজ্য চৰকাৰে ক্ৰীড়া পেঞ্চন দিৱস হিচাবে পালন কৰি ক্ৰীড়াবিদসকলক ক্ৰীড়া পেঞ্চন প্ৰদান কৰিবলৈ লোৱা সিদ্ধান্তকো ভূয়সী প্ৰশংসা কৰে অসম অলিম্পিক সন্থাই। আজিৰ এই সংবাদমেলত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ উপৰিও উপস্থিত থাকে সন্থাৰ উপ-সভাপতি বিষ্ণুৰাম নুনিছা, ভৱজ্যোতি গোস্বামী, অসম আৰ্চাৰী সন্থাৰ সভাপতি জয়ন্ত বড়ো তথা ভাৰতীয় বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাকে ধৰি অন্যান্য বিষয়-ববীয়াসকল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments