Sunday, July 3, 2022
HomeNewsঅসম অলিম্পিক সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অসম অলিম্পিক সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন । ১৯ ডিচেম্বৰত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত হ’বলগীয়া এই সভাখন সুচাৰুৰূপে আয়োজন কৰিবৰ বাবে অসম অলিম্পিক সন্থাই ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে । এই সন্দৰ্ভত শনিবাৰে অসম অলিম্পিক সন্থাৰ সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ পৌৰাহিত্যত এখন বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাত সোণোৱালে ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন সফলতাৰে আয়োজন কৰাৰ বাবে হেমন্ত কুমাৰ কলিতাৰ নেতৃত্বত অসম অলিম্পিক সন্থাই গঠন কৰি দিয়া অভ্যৰ্থনা কমিটিখনক আজিৰ সভাৰ পাছৰ পৰাই সষ্টম হৈ পৰিবলৈ আহ্বান জনায় ।

সভাত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে কয় যে সভাখনত ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰায় ২০০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । সভাখনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ পৰা নীতা আম্বানিৰ উপৰি অঞ্জু ববী জৰ্জৰ দৰে প্ৰাক্তন তাৰকা খেলুৱৈও উপস্থিত থাকিব। তেওঁ লগতে কয় বিগত বছৰসমূহত গুৱাহাটীয়ে উচ্চমানৰ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰি থকাৰ বাবেই বেংগালুৰু, গুৰুগ্ৰাম আৰু নতুন দিল্লীৰ দৰে স্থানক পিছ পেলাই ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন আয়োজনৰ সুযোগ লাভ কৰিছে ।

আনহাতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও গুৱাহাটীত ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লোৱাৰ বিষয়টোত ইতিমধ্যে আনন্দ প্ৰকাশ কৰিছে। তদুপৰি ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচনৰ সকলো কাম-কাজ নিয়াৰিকৈ কৰাৰ বাবে ১ ডিচেম্বৰৰ পৰা অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত আয়োজক কমিটিৰ সচিবালয় সষ্টম হৈ পৰিব। এই সচিবালয়ৰ পৰাই সকলো কাম কাজ তদাৰক কৰা হ’ব। শনিবাৰৰ সভাত অসম অলিম্পিক সন্থাৰ উপ- সভাপতি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচার্য আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাও উপস্থিত থাকে । অসম অলিম্পিক সন্থাৰ মিডিয়া কমিটিৰ অধ্যক্ষ ৰাজীৱ প্ৰকাশ বৰুৱাই এই বাতৰি প্ৰেৰণ কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments