Wednesday, October 5, 2022
HomeNewsঅসম অলিম্পিক সন্থাৰ অভিলাষী আঁচনি 'গ্ৰাছৰুট অলিম্পিক: মিছন টেলেণ্ট হান্ট'

অসম অলিম্পিক সন্থাৰ অভিলাষী আঁচনি ‘গ্ৰাছৰুট অলিম্পিক: মিছন টেলেণ্ট হান্ট’

olympiasports. in

বিশেষ লেখা

✍️ পূৰ্ণানন্দ নেওগ

মাজুলী ক্ৰীড়া সন্থাৰে হোৱা অসম অলিম্পিক সন্থাৰ বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু লক্ষ্য কোঁৱৰ

মুখ্যমন্ত্ৰীৰ এক সপোন আৰু অসম অলিম্পিক সন্থা

মুখ্যমন্ত্ৰীৰ এটা সপোন। অসম হ’ব দেশীয় ক্ৰীড়াৰ ৰাজধানী। সেই সপোনক কেন্দ্ৰ কৰিয়েই ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখন উত্তৰণৰ বাটত আগবাঢ়িছে পৰ্যায়ক্ৰমে। অসম অলিম্পিক সন্থাৰ সমিতিখন নতুনকৈ গঠন হোৱাৰ দিনৰ পৰাই সমিতিখনে ক্ৰীড়াক্ষেত্ৰৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন কাৰ্য্যপন্থা গ্ৰহণ কৰি আহিছে। এসময়ত দেশৰ ক্ৰীড়ামন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসম অলিম্পিক সন্থাৰ দায়িত্ব চম্ভালি লোৱাৰ পিছৰ পৰাই স্থৱিৰ হৈ পৰা অসমৰ ক্ৰীড়াক্ষেত্ৰখন পুনৰ জিপাল হৈ উঠে। মুখ্যমন্ত্ৰীজনে অতি তৎপৰতাৰে অসম অলিম্পিক সন্থাক দিক নিৰ্দেশনা প্রদান কৰি আহিছে। দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্ত পেলাই অসম অলিম্পিক সংস্থাৰ নতুন কমিটিখনে বিগত বৰ্ষৰ ২৮ নৱেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সভাপতিৰ দায়িত্ব পালন কৰা নতুন সমিতিখনত সম্পাদকৰ গুৰু দায়িত্ব গ্ৰহণ কৰে ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰে। ১৮ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা অসম অলিম্পিক সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত ক্ৰীড়া সম্পৰ্কীয় বিষয়ৰ আলোচনাকালতে এখন আঁচনিৰ নামো উচ্চাৰিত হয়। অসম অলিম্পিক সন্থাই ৰাজ্য চৰকাৰৰ সহযোগত এখন আঁচনি সমগ্ৰ ৰাজ্যতে ৰূপায়ন কৰাৰ বাবে অংগীকাৰবদ্ধ হয়। আঁচনি খনৰ নাম ঠিৰাং কৰা হয়, ‘ গ্ৰাছৰুট অলিম্পিক: মিছন টেলেণ্ট হান্ট’। আঁচনিখনৰ জৰিয়তে গ্ৰামঞ্চলত সিঁচৰতি হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহক চিনাক্ত কৰি উলিওৱাৰ লগতে ৰাজ্যিক ক্ৰীড়া সমাৰোহৰ দৰে প্ৰতিযোগিতাৰ আয়োজন কৰি সেইসমূহক এখন উচিত মঞ্চ প্ৰদান কৰাৰ পোষকতা কৰা হয়।

মাজুলী জিলাৰ ক্ৰীড়াৰ সৈতে জড়িত বিভিন্নজনৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানৰ এক দৃশ্য

কি এই গ্ৰাছৰুট অলিম্পিক: মিছন টেলেণ্ট হান্ট?

মুখ্যমন্ত্ৰীৰ অসমক দেশীয় ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়াৰ যি সপোন সেই সপোনৰে যেন এক প্ৰসাৰিত ৰূপ এই ‘গ্ৰাছৰুট অলিম্পিক: মিছন টেলেণ্ট হান্ট’ আঁচনিখন। এই আঁচনি ৰূপায়ণৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় ৰোডমেপো তৈয়াৰ হৈছে। সেই অনুসৰি ১০ বছৰৰ পৰা ৬০ বছৰ বয়সৰ লোকক সামৰি ৰাজ্যত অনুষ্ঠিত কৰা হ’ব ক্ৰীড়া প্ৰতিযোগিতাৰ। মূলতঃ এথলেটিকছৰ সাতটা ইভেণ্টত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বিভিন্ন বয়স শাখাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত সমগ্ৰ ৰাজ্যৰ আবাল বৃদ্ধ বনীতাই অংশগ্ৰহণ কৰিব।

গ্ৰাছৰুট অলিম্পিক’ আঁচনিখনৰ উল্লেখযোগ্য দিশসমূহ তলত উল্লেখ কৰা হ’ল

  • এই আঁচনি অনুসৰি অসমৰ প্ৰতিখন গাঁৱত এটা নিৰ্দিষ্ট দিনত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।
  • অনুৰ্ধ ১০, ১২, ১৪, ১৭, ২১ তথা ২১ ৰ পৰা ৩৫ বয়সলৈ ছিনিয়ৰ শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
  • ৩৫ ৰ পৰা ৪৫ আৰু ৪৫ ৰ পৰা ৬০ বছৰ দুটা শাখা সৃষ্টি কৰা হৈছে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে।
  • একেটা দিনতে অসমৰ প্ৰায় ত্ৰিশ লাখ লোক অৰ্থাৎ অসমৰ মুঠ জনসাধাৰণৰ দহ শতাংশ লোকে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব।।
  • এথেলেটিকছৰ মুঠ সাতটা ইভেণ্টত খেলসমূহ অনুষ্ঠিত হ’ব।
  • প্ৰথম অৱস্থাত ৰাজ্যৰ সকলো গাঁও পঞ্চায়ত, ৱাৰ্ডক সামৰি হ’বলগীয়া এই প্ৰতিযোগিতাৰ পৰা বিভিন্ন শাখাৰ নিৰ্বাচিত প্ৰতিযোগীসকলক জিলা এখনৰ খণ্ড পৰ্যায়লৈকে নিৰ্বাচিত কৰা হ’ব। অৱশ্যে খণ্ড পৰ্যায়ত অনুৰ্ধ ১৪, ১৭ আৰু ২১ বৰ্ষৰ খেলুৱৈসকলেহে অংশগ্ৰহণ কৰিব।
  • খণ্ডৰ পৰা পুনৰ খেলুৱৈসকলক জিলা পৰ্যায়লৈ নিৰ্বাচিত কৰা হ’ব। জিলা পৰ্যায়লৈ কেৱল ১৭ আৰু ২১ বৰ্ষৰ খেলুৱৈসকলকহে নিৰ্বাচিত কৰা হ’ব।
  • জিলা পৰ্যায়ৰ সেই দুই বয়স শাখাৰ পৰা ৰাজ্যিক পৰ্যায়লৈ কেৱল অনুৰ্ধ ২১ বৰ্ষৰ খেলুৱৈসকলক নিৰ্বাচিত কৰা হ’ব। সেই খেলুৱৈ সকলক লৈয়ে ৰাজ্যত অনুষ্ঠিত হ’ব ৰাজ্যিক ক্ৰীড়া সমাৰোহ।
  • ফুটবলে লাভ কৰিব বিশেষ গুৰুত্ব: এই সমগ্ৰ ক্ৰীড়া প্ৰতিযোগিতাখনত ফুটবলে বিশেষ গুৰুত্ব লাভ কৰিব। প্রতিটো পৰ্যায়তে অনুৰ্ধ ২১ বৰ্ষৰ ল’ৰা আৰু ছোৱালীৰ দুটাকৈ দলক নিৰ্বাচিত কৰি পঠিওৱা হ’ব। এথলেটিকছৰ বাকী ইভেণ্টবোৰৰ নিচিনাকৈ ফুটবলৰো চূড়ান্ত খেলসমূহ ৰাজ্যিক ক্ৰীড়া সমাৰোহত খেলোৱা হ’ব।
  • পুনৰুজ্জীৱিত হ’ব ৰাজ্যিক ক্ৰীড়া সমাৰোহ: অসমৰ ক্ৰীড়া ইতিহাসত বৰ্তমানলৈ দুবাৰ অনুষ্ঠিত হৈছিল ৰাজ্যিক ক্ৰীড়া সমাৰোহ। তেজপুৰ আৰু শিলচৰত অনুষ্ঠিত হোৱা সেই ক্ৰীড়া সমাৰোহখনি বহুদিন অনুষ্ঠিত হোৱা নাছিল। এই ৰাজ্যিক ক্ৰীড়া সমাৰোহখনক এতিয়া পৰিকল্পিত ৰূপত পুনৰ প্ৰচলন কৰা হ’ব। গ্ৰাছৰুট অলিম্পিক অভিযানৰ জৰিয়তে ক্ৰীড়া প্ৰতিযোগিতাখনে ন ৰূপ লাভ কৰিব।
  • ভৱিষ্যত সম্ভাৱনা: এই বৰ্ষত প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত হ’লে পৰৱৰ্তী বৰ্ষৰ পৰা খেল’ ইণ্ডিয়াৰ আৰ্হিত অনুৰ্ধ ১৭ আৰু ২১ বৰ্ষৰ খেলুৱৈৰ মাজত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে সন্থাই চিন্তা চৰ্চা কৰিব। তেতিয়া ৰাজ্যিক ক্ৰীড়া প্ৰতিযোগিতাখনৰ জৰীয়তে অসমৰ খেলুৱৈসকল খেল’ ইণ্ডিয়াৰ বাবে সাজু হৈ উঠিব। ই অসমৰ ক্ৰীড়াক্ষেত্ৰত এক সুদূৰ প্ৰসাৰি প্ৰভাৱ পেলাব।
কাৰ্বিআংলং জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ সৈতে অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি দল

অসম অলিম্পিক সন্থাৰ জিলা পৰিভ্ৰমণ: এক আন্তৰিক প্ৰচেষ্টা

বৰ্তমান কেনেদৰে সফলভাৱে এই আঁচনি কাৰ্য্যকৰী কৰি তুলিব পৰা যায় তাৰ বাবে অসম অলিম্পিক সন্থাই আৰম্ভ কৰিছে প্ৰাৰম্ভিক কামকাজসমূহ। সেই উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ জিলা ক্ৰীড়াসমূহক একত্ৰিত কৰাৰ বাবে সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত এটা প্ৰতিনিধি দলে প্ৰতিখন জিলা ভ্ৰমণ কৰি জিলা ক্ৰীড়া সন্থাসমূহক এই অভিযানৰ অংশ হ’বলৈ আহ্বান জনোৱাৰ লগতে জিলা সন্থাসমূহৰ সক্ৰিয় ভূমিকা কামনা কৰে। অসম অলিম্পিক সন্থাৰ এই জিলা ক্ৰীড়া সন্থা সমূহক একত্ৰিত কৰাৰ যাত্ৰা আৰম্ভ হয় ৫ মাৰ্চৰ পৰা। কৰ’না মহামাৰীৰ প্ৰকোপৰ বাবে জনজীৱন স্তদ্ধ হৈ নপৰাৰ আগলৈকে এই প্ৰতিনিধি দলে নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বিআঙলং, ডিমা হাছাও, কৰিমগঞ্জ, হাইলাকান্দি, শিলচৰ, মাজুলী, যোৰহাট, লখিমপুৰ, চৰাইদেও, শিৱসাগৰ, মৰিগাঁও আদিকে কৰি ৰাজ্যৰ বহুকেইখন জিলা পৰিভ্ৰমণ কৰি জিলাসমূহৰ ক্ৰীড়াৰ পৰিৱেশৰ বুজ লয়।

অসম অলিম্পিক সন্থাৰ আওতালৈ মাজুলী আৰু ডিমা হাছাও জিলা ক্ৰীড়া সন্থা: অসম অলিম্পিক সন্থাৰ জিলাসমূহৰ এই পৰিভ্ৰমণৰ কালছোৱাত কেইটামান উল্লেখযোগ্য দিশ পোহৰলৈ আহে। নতুনকৈ গঠন হোৱা মাজুলী জিলা ক্ৰীড়া সন্থাৰ উপৰিও অসমৰ পাৰ্বত্য জিলা ডিমা হাছাও আহিব অলিম্পিক সন্থাৰ আওতালৈ। জিলা দুখনৰ নেতৃত্বৰে হোৱা আলোচনাত এই ক্ষেত্ৰত সকলোৱে সহমত পোষণ কৰে। ই নিঃসন্দেহে অসম অলিম্পিক সন্থাক শক্তিশালী কৰিব।

মুখ্যমন্ত্ৰী উপস্থিত থাকিল মাজুলী জিলা ক্ৰীড়া সন্থাৰে হোৱা বৈঠকত: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাজুলী জিলা ক্ৰীড়া সন্থাৰ সভাপতি হোৱাৰ পৰিপ্ৰেক্ষিতত অসম অলিম্পিক সন্থাৰে হোৱা বৈঠকত উপস্থিত থকা কথাই সকলোকে উৎসাহিত কৰি তুলিলে।

সম্প্ৰতি কৰ’নাই কঢ়িয়াই অনা আচলাৱস্থাৰ অন্ত পৰিলেই পুনৰ সক্ৰিয়ভাৱে অসম অলিম্পিক সন্থা ‘গ্ৰাছৰুট অলিম্পিক : মিছন টেলেণ্ট হান্টক বাস্তৱ ৰূপ দিবলৈ কৰ্মক্ষেত্ৰত নামি পৰিব। অসম অলিম্পিক সন্থাৰ এই প্ৰচেষ্টা ফলপ্ৰসূ হ’লে ই নিশ্চয় অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ এক নতুন বার্তা কঢ়িয়াই আনিবলৈ সক্ষম হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments