Monday, October 3, 2022
HomeNewsনেহৰু ষ্টেডিয়ামত ফুটবল মেচৰ আয়োজন কৰিব অসম অলিম্পিক সন্থাই

নেহৰু ষ্টেডিয়ামত ফুটবল মেচৰ আয়োজন কৰিব অসম অলিম্পিক সন্থাই

অলিম্পিয়া প্ৰতিবেদন

সোমবাৰে সন্ধিয়া অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া, সদস্য, ক্ৰীড়া সন্থাসমূহৰ বিষয়ববীয়া সকলৰ সৈতে গুৱাহাটীত এক বিশেষ সভা অনুষ্ঠিত হয় । সভাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমত অত্যাধুনিক ক্ৰীড়া আন্তঃগাঠনি গঢ় দিয়াৰ বাবে লোৱা পদক্ষেপৰ বাবে অসম চৰকাৰক কৃতজ্ঞতা জনায় । লগতে বিগত মাহ কেইটাত অসম অলিম্পিক সন্থাই কাৰাটে আৰু বাস্কেটবলৰ সক্ৰিয়কৰণ বাবে লোৱা উদ্যোগ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ।
তদুপৰি, মাৰ্চ মাহৰ ১০ ৰ পৰা ১৫ মাৰ্চৰ ভিতৰত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অসম ফুটবল সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম ক্ৰিকেট সন্থা আৰু অসম অলিম্পিক সন্থাৰ সহযোগত প্ৰতিভাৱান খেলুৱৈসকলক লৈ এখনি প্ৰদৰ্শনীমূলক ফুটবল মেচ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
আনহাতে, চলিত বৰ্ষত অসম অলিম্পিক সন্থাই স্বীকৃতিপ্ৰাপ্ত সন্থাসমূহৰ ১০০ গৰাকী ডিপ্লমা প্ৰশিক্ষক সৃষ্টি কৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments