Monday, July 4, 2022
HomeNewsঅসমীয়া মূলৰ সমীৰৰ শিৰত উইম্বলডনৰ খিতাপ!

অসমীয়া মূলৰ সমীৰৰ শিৰত উইম্বলডনৰ খিতাপ!

অলিম্পিয়া প্রতিবেদন

এগৰাকী অসমীয়া মূলৰ যুৱকৰ শিৰত উইম্বলডনৰ খিতাপ। উইম্বলডনৰ ল’ৰাৰ শাখাত শ্ৰেষ্ঠত্ব অর্জন কৰিলে অসম মূলৰ সমীৰ বেনাৰ্জীয়ে। অৱশ্যে অসমৰ সৈতে এক সংযোগ থাকিলেও সমীৰৰ জন্মস্থান আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাৰ নিউ জাৰ্চিৰ এইগৰাকী ১৭ বছৰীয়া কিশোৰে উইম্বলডনৰ ল’ৰাৰ শাখাত আমেৰিকা যুক্তৰাষ্ট্ৰৰে ভিক্টৰ লিলভক ৭-৫, ৬-৩ ব্যৱধানত পৰাস্ত কৰে। উল্লেখযোগ্য যে সমীৰৰ পিতৃ কুনাল বেনাৰ্জী আৰু মাতৃ ঊষা বেনাৰ্জী। পিতৃ কুনাল বেনাৰ্জীৰ জন্ম অসমত হৈছিল। সমীৰৰ ককাক হিৰণময় বেনাৰ্জী কৰ্মসূত্ৰে অসমৰ নিবাসী আছিল। তেওঁ অইলৰ প্ৰবন্ধক পদত দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments