Wednesday, October 5, 2022
HomeNewsৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতালৈ সাজু অসমৰ ১২ গৰাকী সন্তৰণবিদ

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতালৈ সাজু অসমৰ ১২ গৰাকী সন্তৰণবিদ

অলিম্পিয়া প্ৰতিবেদন

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতালৈ অসমৰ খেলুৱৈ । সাজু ১২ গৰাকী তৰুণ পেৰা সন্তৰণবিদ । অসম পেৰালিম্পিক সন্থাই কৰিলে বাছনি ।

অহা ২৩ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হ’ব ২১ সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতা । তাৰবাবে অসম পেৰালিম্পিক সন্থাই দেওবাৰে আয়োজন কৰে এক পেৰা সন্তৰণবিদৰ বাছনি । ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ৫০ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিলে এই বাছনি প্ৰক্ৰিয়াত । ইয়াৰ মাজৰ পৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিনৈ বাছনি হ’ল ১২ গৰাকী খেলুৱৈ । ইয়াৰ ভিতৰত আছে গুৱাহাটীৰ কৃষ্ণ দাস, অন্যতম ৰাজকুমাৰ, নলবাৰীৰ খগেন চন্দ্ৰ কলিতা, গোলাঘাটৰ হুকেশ্বৰ ডেকা, বৰপেটাৰ আনোৱাৰ চিকদাৰ, খাণ্ডাকাৰ আব্দুল মতিন, চাজিদা বেগম, ডিব্ৰুগড়ৰ মুনিন্দ্ৰ লাহন, লক্ষীমপুৰৰ মনোৰঞ্জন পায়েং, মণিকান্ত পায়েং, ধুবুৰীৰ আব্দুল হামিদ শ্বেখ আৰু হোজাইৰ ছাহানা বেগম ।
বাছনি হোৱা ৭ জনে পূৰ্বৰ পৰাই গুৱাহাটীৰ মাৰ্লিন একুৱাটিকছত
অসম পেৰালিম্পিক সন্থাৰ দ্বাৰা আয়োজিত এবছৰীয়া আৱাসিক পেৰা সাঁতোৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । বাছনি হোৱা বাকী ৫ গৰাকীয়ে ৫ মাৰ্চৰ পৰা এই আৱাসিক শিবিৰতে প্ৰশিক্ষণ গ্ৰহণ কৰিব । অসম দলটো ৰাজস্থান অভিমুখে ৰাওনা হ’ব অহা ১৯ মাৰ্চত ।
উল্লেখযোগ্য যে বিগত বৰ্ষত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ চেম্পিয়নশ্বিপত অসমে আজুৰি আনিছিল ১০ টাকৈ পদক । এইবাৰ অধিক আশা কৰিছে অসম পেৰালিম্পিক সন্থাই । তাৰ বাবে প্ৰস্তুতি তুংগত ।

ক্ৰীড়াপ্ৰেমীৰ আশা– অসমৰ পেৰা সাঁতোৰবিদে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দাঙি ধৰক উন্নত প্ৰৰ্দশন । পদক অৰ্জনৰে ৰাজস্থানৰ পৰা গৌৰৱ কঢ়িয়াই আনক অসমভূমিলৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments