Wednesday, September 28, 2022
HomeNewsৰাজস্থানত উৰিল অসমৰ বিজয় ধ্বজা : ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত পাঁচটা...

ৰাজস্থানত উৰিল অসমৰ বিজয় ধ্বজা : ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত পাঁচটা স্বৰ্ণসহ অসমৰ ৯ টা পদক

অলিম্পিয়া প্ৰতিবেদন

ৰাজস্থানত উৰিল অসমৰ বিজয় ধ্বজা । ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত অসমৰ সাফল্য ।পাঁচটা স্বৰ্ণসহ ৯ টা পদক অৰ্জন ।

চলিত মাহৰ ২৩ ৰ পৰা ২৭ মাৰ্চলৈ ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতা । অংশ ল’লে অসমৰ পৰা যোৱা এটা ১২ জনীয়া পেৰা সাঁতোৰৰ দলে । বিভিন্ন ৰাজ্যৰ খেলুৱৈৰ মাজত অসমৰ সন্তৰণবিদে দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । পদক লাভেৰে পেৰা খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক কৰিলে গৌৰৱান্বিত । অসমে লাভ কৰিলে ৯ টাকৈ পদক। ইয়াৰে ৫ টা স্বৰ্ণ, ১ টা ৰূপ, আৰু ৩ টা ব্ৰঞ্জৰ পদক ।
কৃষ্ণ দাসে ২০০ মিটাৰ ফ্ৰিষ্টাইল, ১০০ মিটাৰ বাটাৰফ্লাই আৰু ১০০ ব্ৰেষ্টষ্টকত অৰ্জন কৰিছে ৩ টাকৈ স্বৰ্ণ । সেইদৰে অসমৰ পেৰা খেলুৱৈ অন্যতম ৰাজকুমাৰে ১০০ মিটাৰ ব্ৰেষ্টষ্টকত স্বৰ্ণ আৰু ১০০ মিটাৰ বাটাৰ ফ্লাইত ১ টা ৰূপ লাভ কৰিছে । ইয়াৰ লগতে, আনোৱাৰ ছিকদাৰে ১ টা স্বৰ্ণ, শ্বাহানা বেগমে ২ টা ব্ৰঞ্জ, আৰু ছাজিদা বেগমে অৰ্জন কৰিলে ১ টা ব্ৰঞ্জ । এই ৰাষ্ট্ৰীয় পদকেৰে তেওঁলোকে অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ ।

উল্লেখযোগ্য যে, অসম পেৰালিম্পিক সন্থাৰ তত্বাৱধানত যোৱা দলটোৰ প্ৰশিক্ষক হিচাপে আছিল সন্থাৰ সম্পাদক ৰাজীৱ দে । পুৰুষৰ টীম মেনেজাৰৰ দায়িত্ব মহিবুৰ হক আৰু মহিলাৰ টীম মেনেজাৰৰ দায়িত্বত হিমা ওজা দাস ।
পেৰা সাঁতোৰবিদৰ এই সাফল্যত আনন্দিত হৈ পৰিছে অসম পেৰালিম্পিক সন্থা । সন্থাৰ সম্পাদক ৰাজীৱ দেয়ে দলটোক জনাইছে শুভেচ্ছা ।

ক্ৰীড়া অনুৰাগীৰ আশা — অসমৰ পেৰা সাঁতোৰবিদৰ এই বিজয়ধাৰা অব্যাহত থাকক । বিশ্ব সাঁতোৰ ক্ষেত্রত স্পৰ্শ কৰক উন্নত শিখৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments