অলিম্পিয়া বিশেষ লেখা
ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ খেলুৱৈসকলৰ ক্ৰমবৰ্ধমান উত্থান ৰাজ্যখনৰ ক্ৰীড়াক্ষেত্ৰৰ বাবেই এক আশাৰ বতৰা। বিগত কিছুদিনৰ পৰা বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসমৰ ইজনৰ পিছত সিজনকৈ খেলুৱৈ। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা অসমৰ খেলুৱৈৰ এই তালিকাখনত নিতৌ অন্তৰ্ভুক্ত হৈছে এটাৰ পিছত আন এটা নাম। বিশেষকৈ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অসমৰ এথলেটিকছ ক্ষেত্ৰখনলৈ আহিছে এক সুখবৰ। হিমা দাসৰ পিছত অসমে শেহতীয়াকৈ দ্বিতীয় এগৰাকী চেম্পিয়ন এথলিটৰ সন্ধান লাভ কৰিছে। যোৰহাটৰ অম্লান বৰগোঁহাইয়ে শেহতীয়াকৈ তেলেংগানাত অন্ত পৰা ছিনিয়ৰ নেচনেল এথেলেটিকছ চেম্পিয়নশ্বিপৰ ২০০ মিটাৰত চস্বৰ্ণ জয় কৰাৰ লগতে ১০০ মিটাৰত ৰূপৰ পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। কেৱল সুনাম কঢ়িওৱাই নহয়, এথলেটিকছত সম্ভাৱনাৰ এখন নতুন দুৱাৰো মুকলি কৰি দিলে। বহুতেই অম্লানক হিমাৰ উত্তৰসুৰী হিচাবেও অভিহিত কৰিছে। সুখৰ কথা এয়াই যে হিমাৰ দৰে অম্লানৰো এথলেটিক যাত্ৰা অসমৰ পৰাই আৰম্ভ হৈছিল। বৰ্তমান হায়দৰাবাদত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অম্লানে সৰুসজাই এথেলেটিক ষ্টেডিয়ামৰ পৰাই আৰম্ভ কৰিছিল নিজৰ ক্ৰীড়া জীৱন।
অম্লানৰ বাহিৰেও বিগত সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা আন এগৰাকী খেলুৱৈ হৈছে বিশাল চাংমাই। বিশালে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি জুনিয়ৰ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত তিনিটা লকৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। দলগত শাখাত দুটাকৈ স্বৰ্ণ আৰু ব্যক্তিগত শাখাত এটা ব্ৰঞ্জৰ পদক লাভ কৰি বিশালেও যেন জয়ন্ত তালুকদাৰ, সঞ্জয় বড়োই দেখুৱাই দিয়া পথকে অনুসৰণ কৰিছে।
ইপিনে কিছুদিন আগতে পঞ্জাৱৰ পাটিৱালাত অনুষ্ঠিত জুনিয়ৰ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰত্তোলনত অসমৰ খেলুৱৈয়ে সাতটাকৈ পদক লাভ কৰাৰ কথাই অসম ক্ৰীড়াৰ উজ্জীৱিত প্ৰতিচ্ছবিখনকে দাঙি ধৰিছে। প্ৰতিযোগিতাখনৰ য়ুথ শাখাত অসমৰ সুদিত্য বৰুৱাই দুটাকৈ ৰাষ্ট্ৰীয় অভিলেখৰে স্বৰ্ণ অর্জন কৰে। মহিলাৰ শাখাত দিতিমণি সোণোৱালে স্বৰ্ণ লাভ কৰাৰ বিপৰীতে জুনিয়ৰত ট্ৰিদিব বৰুৱাই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ ছিনিয়ৰ শাখাত তিনিগৰাকীকৈ খেলুৱৈয়ে পদক অৰ্জন কৰা কথাই অসমৰ ভাৰত্তোলন ক্ষেত্ৰখনৰ সম্ভাৱনীয়তাক পোহৰাই তুলিছে। ছিনিয়ৰ পুৰুষত সিদ্ধান্ত গগৈয়ে স্বৰ্ণ, মহিলাৰ শাখাত মধুস্মিতা বৰুৱাই ৰূপ আৰু দিম্পী দত্তই ব্ৰঞ্জৰ পদক লাভ কৰে।
ওপৰত উল্লেখ কৰা সকলো খেলুৱৈয়ে অশেষ কষ্ট স্বীকাৰ কৰি সফলতাৰ চৰম শিখৰত আৰোহণ কৰিছে। এইখিনিতে উল্লেখ কৰা ভাল যে, অসমত এতিয়াও পৰ্যাপ্ত ক্ৰীড়া আন্তঃগাঁথনি গঢ় লৈ উঠা নাই।পৰ্যাপ্ত প্ৰশিক্ষকৰ অভাৱৰ কথা নক’লোৱেইবা। ভাৰত্তোলনত অসমে ৰাষ্ট্ৰীয় পৰ্যায়ত সাতটাকৈ পদক লাভ কৰিছে যদিও অসমৰ খেলুৱৈসকলে পৰ্যাপ্ত সুবিধা অবিহনেই প্ৰস্তুতি চলাবলগীয়া হৈছিল। ক’ভিড মহামাৰী সৃষ্ট পৰিৱেশত অসমৰ খেলুৱৈসকলে দীর্ঘদিন ধৰি অনুশীলনৰ পৰা বঞ্চিত হৈ আহিছে। ইমানৰ পিছতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈসকলৰ এই সাফল্য শলাগিবলগীয়া।
খেলুৱৈসকলৰ সাফল্যৰ প্ৰতি শ্ৰদ্ধাশীল অসম অলিম্পিক সন্থায়ো ইতিমধ্যে তেওঁলোকৰ মাজৰ পৰা ক্ৰমে বিশাল চাংমাই আৰু অম্লান বৰগোঁহাইক সম্বৰ্ধনা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা আন আন খেলুৱৈসকলকো পৰ্যায়ক্ৰমে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব অসম অলিম্পিক সন্থাই। সন্থাৰ এই কাৰ্য নিশ্চিতভাৱে প্রশংসাৰ যোগ্য। অৱশ্যে সম্বৰ্ধনা জনোৱাৰ সমান্তৰালকৈ অসমৰ খেলুৱৈসকলে লগাৰ সময়ত প্ৰয়োজনীয় সা-সুবিধা লাভ কৰিছে নে নাই সেই সম্পৰ্কেও সন্থাই মনোযোগ দিয়া দৰকাৰ। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ প্ৰস্তুতি চলাই থকা অসমৰ খেলুৱৈসকলক সন্থাই প্ৰতিমুহূৰ্ততে অভিভাৱকত্বৰ দৃষ্টি ৰখাটো খুবেই দৰকাৰী। সহায়ৰ নিশ্চিতি লাভ কৰিলে অসমৰ খেলুৱৈসকলে যে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিব পাৰিব, তাৰ কোনো সন্দেহ নাই।