অলিম্পিয়া প্ৰতিবেদন
অসম ক্ৰিকেট সন্থাৰ উদ্যোগত চলি থকা তৃতীয় সংখ্যক অসম প্ৰিমীয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ বুধবাৰে অনুষ্ঠিত নগাওঁ লেগৰ ফাইনেলত ফিনিক্স ক্ৰিকেট কোচিং চেণ্টাৰে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। শিৱসাগৰত অনুষ্ঠিত মেচখনত ফিনিক্স ক্ৰিকেট কোচিং চেণ্টাৰে জঙ্গম ক্লাবক ৪ ৰানত পৰাস্ত কৰে।
মেচখনত ফিনিক্স ক্লাবে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। নাছিৰ উল্লাৰ ৫৫ ৰানৰ সহায়ত দলটোৱে ৪০ অভাৰত ৯ টা উইকেট হেৰুৱাই ২০৬ ৰান কৰিবলৈ সক্ষম হয়। জঙ্গম ক্লাবৰ হৈ অৰ্পণ দত্তই ৪৩ ৰানৰ বিনিময়ত ৪ টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত জংগম ক্লাবে শিৱম ঘোষৰ ৫২ ৰানৰ সহায়ত লক্ষ্যৰ তেনেই ওচৰ চাপিও ২০২ ৰানতে থমকি ৰ’বলগীয়া হয়। ফিনিক্স ক্লাবৰ হৈ বিকাশ চেত্ৰীয়ে ৩২ ৰানৰ বিনিময়ত ৩ টা উইকেট দখল কৰে।
আনহাতে গোৱালপাৰা লেগত হেলচিয়ান ক্লাবে এভাৰগ্ৰীণ ক্লাবক ৭ উইকেটত পৰাস্ত কৰে। এভাৰগ্ৰীণ ক্লাবে ৩৫.৫ অভাৰত ১৪৮ ৰানতে ইনিংছ সামৰে। প্ৰত্যুত্তৰত হেলচিয়ান ক্লাবে ২৮ অভাৰতে লক্ষ্যত উপনীত হয়। আনহাতে, হোজাই লেগৰ দুখনকৈ মেচত এছ এছ ক্ৰিকেট ক্লাব আৰু এল চি চি য়ে বিজয় সাব্যস্ত কৰে। ইপিনে যোৰহাট লেগত জয়হিন্দ ক্লাবে স্মেছ ক্লাবক ১ ৰানত পৰাভূত কৰিবলৈ সক্ষম হৈছে।