Wednesday, October 5, 2022
HomeNewsচতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপত গুৱাহাটী চিটি ক্ৰিকেট ক্লাবৰ শিৰত বিজয়ী মুকুট

চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপত গুৱাহাটী চিটি ক্ৰিকেট ক্লাবৰ শিৰত বিজয়ী মুকুট

অলিম্পিয়া প্ৰতিবেদন

আমিন গাঁও ক্ৰিকেট গ্ৰাউণ্ডত ফাইনেলৰ মহাৰণ । অন্ত পৰিল চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ । চেম্পিয়নৰ মুকুট পিন্ধিলে গুৱাহাটী চিটি ক্ৰিকেট ক্লাবে ।

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত অনুষ্ঠিত অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ বৃহস্পতিবাৰে সফল সামৰণি ঘটে । ৰাজ্যৰ কেইবাটাও দলে মৈদানত প্ৰদৰ্শন কৰিলে নিজৰ পৰাক্ৰম । নৱনিৰ্মিত আমিনগাঁও ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’ল সবাংগসুন্দৰ প্ৰতিযোগিতাখনৰ ফাইনেলৰ মহাৰণ । যুঁজত নামিল গুৱাহাটী চিটি ক্ৰিকেট ক্লাব বনাম বি ডি এম টি চি চি চি, তেজপুৰ । চূডান্ত মেচত চিটি ক্ৰিকেট ক্লাবে ৮৮
ৰাণত পৰাস্ত কৰিলে তেজপুৰৰ দলটো ।
আৰম্ভণিতে চিটি ক্ৰিকেট ক্লাবে প্ৰথমে বেট ধৰি ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৯১ ৰাণৰ লক্ষ্য বান্ধি দিয়ে । প্ৰত্যুত্তৰত তেজপুৰৰ দলটোৱে ১৭-৪ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১০২ ৰাণ । ফলত এই ছিজনত অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়ন হল গুৱাহাটী চিটি ক্ৰিকেট ক্লাব । বিজয়ী ট্ৰফী লৈ খেলুৱৈৰ মুখত বিৰিঙিল উল্লাসৰ হাঁহি ।
চিটি ক্ৰিকেট ক্লাবৰ হৈ শিৱ শংকৰ ৰয়ে ৩৬ টা বলত সৰ্বাধিক ৬০ ৰাণ কৰে । বিপক্ষৰ ৰাহুল বাছফৰৰ ২৫ ৰাণেই আছিল সৰ্বাধিক ।
এই প্ৰতিযোগিতা সাফল্যমণ্ডিত হৈ উঠাত আনন্দিত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া । অসম ক্ৰিকেট সন্থাই আয়োজন কৰিবলগীয়া টুৰ্ণামেন্টসমূহৰ কথা দোহাৰিলে সম্পাদকজনে ।

বিজয়ী দলক ১০ লাখ টকাৰ চেকসহ ট্ৰফী প্ৰদান কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই । আনহাতে ফাইনেলিষ্ট দলক ৫ লাখ টকাৰ চেকসহ ট্ৰফী প্ৰদান কৰে সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ।

ইফালে প্লেয়াৰ অৱ দ্য ফাইনেল মেচৰ সন্মান লাভ কৰে চিটি ক্ৰিকেট ক্লাবৰ শিৱ শংকৰ ৰয়ে । বৰপেটাৰ ত্ৰিৰংগা ক্লাবৰ সন্দীপ পালে শ্ৰেষ্ঠ ফিল্ডাৰ, চিটি ক্ৰিকেট ক্লাবৰ অভিজোৎ সিং সিদ্ধুয়ে শ্ৰেষ্ঠ বলাৰ, শ্ৰেষ্ঠ বেটাৰ ক্লাৱ ত্ৰিৰংগাৰ পল্লৱ কুমাৰ দাস আৰু চিটি ক্ৰিকেট ক্লাৱৰ ৰাহুল হাজৰিকাই অৰ্জন কৰিলে প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্টৰ সন্মান ।
এই সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰীক্ষিত দত্ত, কোষাধ্যক্ষ ত্রিদিপ কোঁৱৰ, প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ নৱ কোঁৱৰকে আদি কৰি সন্থাৰ বিষয়-ববীয়াসকল ।

ক্ৰীড়া অনুৰাগীৰ আশা –এনে টুৰ্ণামেন্টৰ পৰাই জন্ম হওক তাৰকা ক্ৰিকেটাৰৰ । বিশ্বমুখী হওক অসমৰ ক্ৰিকেটাৰৰ জয়যাত্রা

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments