অলিম্পিয়া প্ৰতিবেদন, বঙাইগাওঁ
চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপৰ বঙাইগাঁৱত চেম্পিয়ন হৈছে বঙাইগাঁও ক্ৰিকেট কোচিং চেণ্টাৰ । বঙাইগাঁও পলিটেকনিকৰ খেলপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত বঙাইগাঁৱে ৰে’লৱে ৱাৰ্কশ্বপক ২৬ ৰাণত পৰাজিত কৰে । প্ৰথমে বেটিং কৰি বঙাইগাঁৱে নিৰ্দ্ধাৰিত ৪০ অভাৰত ৭ উইকেট হেৰুৱাই ২২২ ৰাণ কৰে । বঙাইগাঁৱৰ হৈ কংকন কলিতাই ৩৩, শুভদীপ চক্ৰৱৰ্তীয়ে ২৯, বিশাল ৰয় ( জুনিয়ৰ) ২৮, কৌশিক দাসে ২৮ ৰাণ কৰে। প্ৰত্যুত্তৰত ৰে’লৱে ৱাৰ্কশ্বপে ৩৯.৩ অভাৰত ১৯৬ ৰাণত আটাইকেইটা উইকেট হেৰুৱায় । বঙাইগাঁৱৰ হৈ একলব্য শৰ্মাই ৭.৩ অভাৰ বল কৰি ২৬ ৰাণ দি ( ২ অভাৰ মেইডেনসহ ) ৫ টা উইকেট দখল কৰে ।