Monday, October 3, 2022
HomeNewsঅসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট :মধ্য অসম মণ্ডলত চেম্পিয়ন ৰেডিয়েল ক্লাব

অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট :মধ্য অসম মণ্ডলত চেম্পিয়ন ৰেডিয়েল ক্লাব

✍️ নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাৰ চতুৰ্থ সংখ্যক অসম প্ৰিমিয়াৰ ক্ৰিকেট ক্লাব চেম্পিয়নশ্বিপৰ মধ্য অসম মণ্ডলত ৰেডিয়েল ক্লাবে চেম্পিয়নৰ সন্মান লাভ কৰিছে । দেওবাৰৰ ফাইনেলত নগাঁৱৰ ৰেডিয়েল ক্লাবে তিতাবৰ ক্ৰিকেট ক’চিং চেণ্টাৰক ১২২ ৰাণত পৰাস্ত কৰে ।নগাঁও ক্ৰীড়া সংস্থাৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰেডিয়েল ক্লাবে পোনতে বেট ধৰি অৰ্ণৱ বৰাৰ ৫১, ৰাজ আগৰৱালাৰ ৪৫, দেৱজিত বৰুৱাৰ ৩২ আৰু মৃন্ময় দত্তৰ ১২ ৰাণৰ উল্লেখনীয় অৱদানৰে ৩৮.৩ অভাৰত সকলো উইকেটৰ বিনিময়ত ১৮৫ ৰাণ সংগ্ৰহ কৰে । বলিঙত তিতাবৰৰহৈ অনন্ত বৰা আৰু ঋষভ সন্দিকৈয়ে তিনিটাকৈ, চানী পৰাশৰে দুটা উইকেট পায় ।প্ৰত্যুত্তৰত তিতাবৰ ক্ৰিকেট ক’চিং চেণ্টাৰে মাষ্টাৰ কুইন কুমাৰ ঠেঙালৰ ১৩, প্ৰবীন বৰাৰ-১২ আৰু বিশ্বজিত চাহুৰো-১২ ৰাণৰ সহায়ত ২০.৪ অভাৰত সকলো উইকেট হেৰুৱাই মাত্ৰ ৬৩ ৰাণহে কৰিবলৈ সক্ষম হয় । বলিঙত ৰেডিয়েলৰহৈ মৃন্ময় দত্তই পাঁচটা আৰু বিচিত্ৰ বৰুৱাই চাৰিটা উইকেট দখল কৰে ।যোৰহাটৰ কৈলাশ দত্ত আৰু নুৰুদ্দিন ছিদ্দিকী খেলখনত আম্পায়াৰৰূপে আছিল । ৰেডিয়েলৰ মৃন্ময় দত্ত ‘মেন অব দ্যা মেচ’ৰূপে পৰিগণিত হোৱা খেলখনৰ অন্তত ক্ৰীড়া সংগঠক অসীম কুমাৰ ভাৱাল, প্ৰমোদ কোঠাৰী, ৰিংকু দাস আৰু দেৱজ্যোতি গোস্বামী আদিৰ উপস্থিতিত বিভিন্ন বঁটাসমূহ বিতৰণ কৰা হয় । উল্লেখ্য যে, এতিয়া মধ্য অসম মণ্ডলৰ পৰা চেম্পিয়ন ৰেডিয়েল ক্লাব আৰু ফাইনেলিষ্ট তিতাবৰ ক্ৰিকেট ক’চিং চেণ্টাৰে প্ৰিমিয়াৰ ক্ৰিকেটৰ চূড়ান্ত পৰ্যায়ত খেলিব বুলি জানিব পৰা গৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments