Friday, September 30, 2022
HomeNewsচতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপ,উত্তম মণ্ডলত তেজপুৰৰ বি ডি এন টি...

চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপ,উত্তম মণ্ডলত তেজপুৰৰ বি ডি এন টি চি চি চি দল চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন

তেজপুৰৰ বি ডি এন টি চি চি চি দলে চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপৰ উত্তৰ অসম মণ্ডলত চেম্পিয়ন হৈছে ৷ মঙলদৈত বুধবাৰে অনুস্থিত মাণ্ডলিক ফাইনেলত দলটোৱে নিৰ্বাণ স্পটৰ্ছ একাডেমীক ১০৫ ৰাণত পৰাস্ত কৰে ৷ তেজপুৰৰ দলটোৱে দিপ্তেশ সাহাৰ শতৰাণৰ সহায়ত নিৰ্ধাৰিত ৪০ অভাৰত ৬ উইকেটত সংগ্ৰহ কৰে ২৮০ ৰাণ ৷ দ্বিপ্তেশে ৯৮ টা বলত ১০৮ ৰাণ আৰু ৰাজাকুদ্দিনে ৩৩ বলত ৭২ ৰাণৰ বৰঙণি যোগায় ৷ বলিঙত নিৰ্বাণ দলৰ সিদ্ধাৰ্থ শংকৰ বৰুৱাই ৩ টা উইকেট দখল কৰে ৷ প্ৰত্যুত্তৰত নিৰ্বাণ দলে নিৰ্ধাৰিত অভাৰত ৭ উইকেটত ১৭৫ ৰাণহে কৰে ৷ দলৰ হৈ সিদ্ধাৰ্থ শংকৰ বৰুৱাই ৪২ আৰু বিকাশ কুৰ্মীয়ে ৪০ ৰাণৰ অৱদান দিয়ে ৷ বলিঙত বিজযী দলৰ হৈ দুটাকৈ উইকেট লাভ কৰে ৰবি ছেত্ৰী আৰু ৰাজাকুদ্দিনে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments