Friday, September 30, 2022
HomeNewsঅসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ হেড কোৱাৰ্টাৰ মণ্ডলত চিটি ক্ৰিকেট ক্লাব চেম্পিয়ন

অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ হেড কোৱাৰ্টাৰ মণ্ডলত চিটি ক্ৰিকেট ক্লাব চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন

চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ হেড কোৱাৰ্টাৰ মণ্ডলত চিটি ক্ৰিকেট ক্লাব চেম্পিয়ন হৈছে । গোৱালপাৰাৰ ডি এন সিংহ ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত ফাইনেলত চিটি ক্ৰিকেট ক্লাবে জেনিথ ক্লাবক ৯ উইকেটত পৰাভূত কৰে । জেনিথ ক্লাবে ৩৪.৫ অভাৰত সকলো উইকেট হেৰুৱাই কৰে ১২৩ ৰাণ । দলৰ দেৱৰাজ শ্ৰেষ্ঠই ৪৫ ৰাণৰ বৰঙণি যোগায় । বলিঙত চিটিৰ হীৰকজ্যোতি চৌধুৰীয়ে ৪ টা আৰু অভিজিৎ সিঙ সিন্ধুৱে ৩ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত গুৱাহাটীৰ চিটি ক্ৰিকেট ক্লাবে মাত্ৰ ১৯.২ অভাৰত ১ উইকেটত ১২৮ ৰাণ কৰি বিজয়ী হয় । দলৰ ৰোহন হাজৰিকাই অপৰাজিত ৬৪, ৰাহুল হাজৰিকাই ৩৪ আৰু অংশুমান কাটনীয়ে অপৰাজিত ২৪ ৰাণৰ অৱদান আগবঢ়ায় । জেনিথৰ আহাৰ আলীয়ে একমাত্ৰ উইকেটটো লাভ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments