Wednesday, October 5, 2022
HomeNewsআসাম প্ৰিমিয়াৰ লীগৰ পৰিবৰ্তে ক্লাব ক্ৰিকেটক অধিক গুৰুত্ব দিছে অসম ক্ৰিকেট সন্থাই...

আসাম প্ৰিমিয়াৰ লীগৰ পৰিবৰ্তে ক্লাব ক্ৰিকেটক অধিক গুৰুত্ব দিছে অসম ক্ৰিকেট সন্থাই : দেৱজিৎ শ‌ইকীয়া

অলিম্পিয়া বিশেষ

✍️ তুষাৰ প্ৰতিম

“আসাম প্ৰিমিয়াৰ লীগৰ পৰিবৰ্তে ক্লাব ক্ৰিকেটক অধিক গুৰুত্ব দিয়া হৈছে। এই প্ৰতিযোগিতাৰ প্ৰাইজমানী ১ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। ভাৰতৰ কোনো ৰাজ্যত ইমান বৃহৎ প্ৰাইজমানীৰে ক্লাব টুৰ্ণামেণ্ট অনুষ্ঠিত নকৰে। অসম ক্ৰিকেট সন্থাই এই বৃহৎ ধনৰাশী দিয়াৰ মূল উদ্দেশ্যে হৈছে যাতে অসমৰ ক্লাব বোৰ আগবাঢ়ি আহে। ক্লাব ক্ৰিকেটক গুৰুত্ব দিয়া হৈছে।” অসম ক্ৰিকেট সন্থাই ৰাজ্যখনত ক্লাব ক্ৰিকেটক অধিক গুৰুত্ব প্ৰদান কৰাৰ প্ৰসংগত এইদৰে মন্তব্য কৰিছে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শ‌ইকীয়াই।

olympiasports.in ৰ ফেচবুক লাইভত এইবাৰ অংশগ্ৰহণ কৰিছিল অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শ‌ইকীয়া। ১৬ মে’ ৰ নিশা ৮ বজাৰ পৰা আৰম্ভ হোৱা লাইভটোত প্ৰায় ১ ঘণ্টা সময়ত শ‌ইকীয়াই অসম ক্ৰিকেটৰ ওপৰত বহু গুৰুত্বপূৰ্ণ কথাৰ অৱতাৰণা কৰে। কথা প্ৰসংগত তেওঁ কয় অসম ক্ৰিকেট সন্থাই যদিও সংবিধান অনুসৰি আসাম প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰিব লাগে, তথাপিও সেই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰা বিৰত আছে। তাৰ পৰিবৰ্তে ক্লাব ক্ৰিকেটক অধিক গুৰুত্ব প্ৰদান কৰিছে। আসাম প্ৰিমিয়াৰ লীগ প্ৰতিযোগিতা অনুষ্ঠিত নকৰাৰ প্ৰসংগত শ‌ইকীয়া সকলো কাৰণ ব্যাখ্যা কৰে। তেওঁ কয়–

“অসম ক্ৰিকেট সন্থাই সংবিধান অনুসৰি ‘আছাম প্ৰিমিয়াৰ লীগ’ অনুষ্ঠিত কৰিব লাগে। ‘আছাম প্ৰিমিয়াৰ লীগ’ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অনুসৰণ। সংবিধান অনুসৰিয়েই অসম ক্ৰিকেট সন্থাই এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ এটা এজেঞ্চি বিচাৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ কৰিছিল। সেই বিজ্ঞাপনৰ আধাৰত দিল্লীৰ এক এজেঞ্চি যিয়ে কৰ্ণাটকা প্ৰিমিয়াৰ লীগ, সৌৰাষ্ট্ৰ প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰি আছে তেওঁলোকক দায়িত্ব প্ৰদান কৰা হৈছিল। ইয়াৰ পিছত ষ্টাৰ স্প’ৰ্টছত প্ৰতিযোগিতাখন সম্প্ৰচাৰৰ বাবেও সময় নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু তেনে সময়তে এনে কিছুমান বাতৰি প্ৰকাশ হবলৈ ল’লে যে যিবোৰে আমাক পুনৰবাৰ ভাবিবলৈ বাধ্য কৰাই তুলিলে। কৰ্ণাটকা প্ৰিমিয়াৰ লীগৰ লগত জড়িত খেলুৱৈ, কৰ্মচাৰী, কৰ্ণাটকা ক্ৰিকেট ব’ৰ্ডৰ সদস্য আদিক অপৰাধমূলক কৰ্মৰ বাবে আৰক্ষীয়ে জেৰা কৰাৰ উপৰিও গ্ৰেপ্তাৰ কৰিলে। একাংশ আজিও পলাই আছে। তেওঁলোক ক্ৰিকেট বুকীৰ লগত জড়িত হৈ পৰিছিল। এই খবৰে অসম ক্ৰিকেটৰ সভাপতি ৰমেন ডেকাক ভবাই তুলিলে আৰু ময়ো নতুনকৈ ভাবিবলৈ বাধ্য হলোঁ। আমি নতুনকৈ চিন্তা কৰিলোঁ যদি এখন টুৰ্ণামেণ্ট অনুষ্ঠিত কৰি আমাৰ খেলুৱৈসকলক বুকীৰ সংস্পৰ্শলৈ আহিবলৈ সুবিধা কৰি দিওঁ তেনে ১০০ জনৰ ৯০ জন ঠিক থাকিব কিন্তু ১০ জন অপৰাধৰ লগত জড়িত হৈ পৰিব। গতিকে আমি পৰিস্থিতি পুনৰ অধ্যয়ন কৰি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা নকৰাক লৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা চিন্তা কৰিলোঁ।”

আনহাতে শ‌ইকীয়াই এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব নোৱাৰিলেও ক্লাব ক্ৰিকেটক অধিক গুৰুত্ব প্ৰদান কৰাৰ কথাও উল্লেখ কৰিছিল। তেওঁ ক্লাব ক্ৰিকেটৰ দ্বাৰা অসম ক্ৰিকেট বা অসমৰ ক্ৰিকেটাৰ কেনেদৰে লাভাম্বিত হ’ব পাৰিব সেই বিষয়েও বিস্তৃতভাবে কয়।

“আছাম প্ৰিমিয়াৰ লীগ অনুষ্ঠিত নকৰিলেও অসম ক্ৰিকেট সন্থাই স্কুল টুৰ্ণামেণ্ট, ক্লাব টুৰ্ণামেণ্ট আদি অনুষ্ঠিত কৰিছে। এই প্ৰতিযোগিতাৰ প্ৰাইজমানী ১ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। ভাৰতৰ কোনো ৰাজ্যত ইমান বৃহৎ প্ৰাইজমানীৰে ক্লাব টুৰ্ণামেণ্ট অনুষ্ঠিত নকৰে। অসম ক্ৰিকেট সন্থাই এই বৃহৎ ধনৰাশী দিয়াৰ মূল উদ্দেশ্যে হৈছে যাতে অসমৰ ক্লাব বোৰ আগবাঢ়ি আহে। ক্লাব ক্ৰিকেটক গুৰুত্ব দিয়া হৈছে। আজি যদি শ্ৰীলংকাৰ ক্ষেত্ৰত চাই দেখিবলৈ পাব মূল দলটো ক্লাব ক্ৰিকেটৰ পৰা গঠন কৰা হয়। মুম্বাইৰ ৰঞ্জী দলটোৰ সদস্য সকল ক্লাবৰ পৰা আহিছে। আমি আন্তঃজিলা প্ৰতিযোগিতা বহুত পাতিলোঁ কিন্তু ইয়াত প্ৰতিযোগিতামূলক মানসিকতা নাথাকে। কিন্তু ক্লাবত ইয়াৰ সম্পূৰ্ণ বিপৰীত হয়। ক্লাব ক্ৰিকেটত অধিক প্ৰাইজমানী দিলে ক্লাবে ক্ৰিকেটাৰ, প্ৰশিক্ষণ আদিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব। অসম ক্ৰিকেটত এবছৰ আগলৈকে ক্লাব জড়িত নাছিল। অসম ক্ৰিকেটে আন্তঃজিলা আৰু ক্ৰিকেট কচি‌ং চেণ্টাৰ বোৰৰ পৰা পৰা খেলুৱৈ লাভ কৰি আছিল। কিন্তু আমি এতিয়া চেষ্টা কৰিম ক্লাব ক্ৰিকেটক বিকাশ কৰিবলৈ। কাৰণ ক্লাব ক্ৰিকেটৰ পৰা অধিক লাভাম্বিত হ’ব পাৰি। উদাহৰণস্বৰূপে আন্তঃজিলা ক্ৰিকেটত এখন জিলাৰ পৰা মাত্ৰ খুব বেছি ২০ জনে খেলিবলৈ সুবিধা পাই। সেই ২০ জনৰ পৰাই ৰাজ্যিক দললৈ সাম্ভাব্য খেলুৱৈবোৰ নিৰ্বাচিত হয়। কিন্তু যেতিয়া ক্লাব ক্ৰিকেটৰ ডাটা পৰ্যবেক্ষণ কৰা হ’ল, চিলেক্তৰে ক্লাবৰ ক্ৰিকেটতো চাবলৈ ল’লে তেতিয়া দেখা গ’ল যে এখন জিলাত যদি ১০ টা ক্লাবক খেলিবলৈ দিয়া হ’ল আৰু এটা ক্লাবত ১৫ জন খেলুৱৈ জড়িত থাকে তেনে ১৫০ খেলুৱৈয়ে খেলিবলৈ সুবিধা পাব। অৰ্থাৎ আমি যেতিয়া ৰাজ্যিক দলৰ সম্ভাৱ্য খেলুৱৈ নিৰ্বাচিত কৰিছিলো তেতিয়া ২০ টা ল’ৰা চাইছিলোঁ কিন্তু ক্লাব ক্ৰিকেট অহাৰ লগে লগে ১৫০ ল’ৰা চাব লাগিব মাত্ৰ এখন জিলাৰ পৰা।” ক্লাব ক্ৰিকেটৰ প্ৰসংগত দেৱজিৎ শ‌ইকীয়াই কয় এইদৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments