Wednesday, September 28, 2022
HomeNewsনলবাৰী ক্ৰীড়া সন্থাৰ অসম প্ৰিমিয়াৰ ক্ৰিকেট লীগ

নলবাৰী ক্ৰীড়া সন্থাৰ অসম প্ৰিমিয়াৰ ক্ৰিকেট লীগ

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাস

নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ১৬ ডিচেম্বৰৰ পৰা স্থানীয় গৰ্ডন স্কুল খেলপথাৰত পুৱা ৮-৩০ বজাৰ পৰা “অসম প্ৰিমিয়াৰ ক্ৰিকেট লীগ”খন আৰম্ভ কৰা হ’ব বুলি সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে জানিবলৈ দিছে । ৪০ অভাৰৰ লীগ খনত পুল-এত নৰ্থ নলবাৰী স্পৰ্টছ ক্লাব, অংকুৰ গোষ্ঠী, গো-পূজা শ্ৰমিক সংঘ, ইউনিক স্পৰ্টছ ক্লাব আৰু পুল বিত–ব্লু ষ্টাৰ ইউথ ক্লাৱ, নৱৰত্ন ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ, ইউনাইটেড ক্ৰিকেট ক্লাব, নৱাৰুন ক্লাবে লীগখনত প্ৰতিদ্বন্দিতা আগবঢ়াব । সেই মৰ্মে ১৬ ডিচেম্বৰত গো-পূজা শ্ৰমিক সংঘ আৰু ইউনিক স্পৰ্টছ ক্লাব, ১৭ ডিচেম্বৰত নৱৰত্ন ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ বনাম ইউনাইটেড ক্ৰিকেট ক্লাব, ১৮ ডিচেম্বৰত অংকুৰ গোষ্ঠী বনাম ইউনিক স্পোৰ্টচ ক্লাব, ২০ ডিচেম্বৰত নৱৰত্ন ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ বনাম নৱাৰুণ ক্লাব, ২১ ডিচেম্বৰত গো-পূজা শ্ৰমিক সংঘ বনাম নৰ্থ নলবাৰী স্পোৰ্টচ ক্লাব, ২২ ডিচেম্বৰত ব্লুষ্টাৰ ইউথ ক্লাব বনাম নৱাৰুণ ক্লাব, ২৩ ডিচেম্বৰত নৰ্থ নলবাৰী স্পোৰ্টচ ক্লাব বনাম ইউনিক স্পোৰ্টচ ক্লাব, ২৪ ডিচেম্বৰত ইউনাইটেড ক্ৰিকেট ক্লাব বনাম ব্লুষ্টাৰ ইউথ ক্লাব, ২৫ ডিচেম্বৰত নৰ্থ নলবাৰী স্পোৰ্টচ ক্লাব বনাম অংকুৰ গোষ্ঠী, ২৬ ডিচেম্বৰত ইউনাইটেড ক্ৰিকেট ক্লাব বনাম নৱাৰুণ ক্লাব, ২৭ ডিচেম্বৰত অংকুৰ গোষ্ঠী বনাম গো-পূজা শ্ৰমিক সংঘ, ২৮ ডিচেম্বৰত নৱৰত্ন ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ বনাম ব্লুষ্টাৰ ইউথ ক্লাবৰ মাজত প্ৰিমিয়াৰ ক্ৰিকেট লীগখন অনুষ্ঠিত হ’ব । ইতিমধ্যে লীগখনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি ক্ৰিকেট সম্পাদক নুৰুল আমিনে জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments