Monday, July 4, 2022
HomeNewsবিজয় হাজাৰে ট্ৰফীত পঞ্চমটো জয়;এলিট গ্ৰুপলৈ উন্নীত অসম

বিজয় হাজাৰে ট্ৰফীত পঞ্চমটো জয়;এলিট গ্ৰুপলৈ উন্নীত অসম

বিজয় হাজাৰে ট্ৰফীত আজি পঞ্চমটো বিজয় সাব্যস্ত কৰি অহা বছৰৰ বাবে এলিট গ্রুপত স্থান নিশ্চিত কৰিলে অসম ক্রিকেট দলে।

আজি অনুষ্ঠিত প্লেট গ্রুপৰ পঞ্চমখন মেচত মিজোৰামৰ বিপক্ষে ১৮২ ৰানৰ বিশাল ব্যৱধানত বিজয়ী হয় তুলনামূলকভাৱে শক্তিশালী অসম। মেচখনত অসমে প্ৰথমে বেটিং কৰি ডেনিছ দাস, ছাহিল জৈন আৰু শিৱশঙ্কৰ ৰয়ৰ অৰ্ধ-শতকীয় ইনিংছৰে ৩৪২ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত মিজোৰামে ৪৩.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৬০ ৰানহে কৰিবলৈ সক্ষম হয়। অসমৰ হৈ মুখটাৰ হুছেইনে ৪ টা, গকুল শৰ্মা আৰু ডেনিছ দাসে ৩ টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়।

এই বিজয়ৰ লগে লগে অসমে অহা বছৰ এলিট গ্রুপত খেলাৰ যোগ্যতা অর্জন কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments