Monday, October 3, 2022
HomeNewsৰঞ্জি ট্ৰফীত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে ফ'লঅন অসম দলৰ :ৰিয়ান পৰাগৰ ৮৮ ৰাণ

ৰঞ্জি ট্ৰফীত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে ফ’লঅন অসম দলৰ :ৰিয়ান পৰাগৰ ৮৮ ৰাণ

অলিম্পিয়া প্ৰতিবেদন

ৰঞ্জি ট্ৰফীৰ আৰম্ভণি সুখকৰ নহ’ল অসমৰ । চলিত ছিজনৰ এলীট গ্ৰুপ ‘জি’ৰ মেচত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে ফ’ল অনৰ সন্মুখীন হ’ল অসম দল । হাৰিয়ানাত ৰোহটকৰ চৌধুৰী বংশীলাল ষ্টেডিয়ামত মহাৰাষ্ট্ৰ‌ই প্ৰথম ইনিংছত সংগ্ৰহ কৰা ৪১৫ ৰাণৰ বিপৰীতে মেচৰ তৃতীয় দিনা শনিবাৰে অসমে ২৪৮ ৰাণতে ইনিংছ সামৰে । দলৰ এই স্থিতিৰ মূলতেই আছিল অপেনাৰ পৱন শ্বাহৰ দ্বিশতক ।ফলত প্ৰথম ইনিংছত ১৬৭ ৰাণত পিচপৰি ৰোৱাত অসমে ফ’ল অনৰ সন্মুখীন হৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰিব লগা হয় । অসমৰ হৈ ৰিয়ান পৰাগে সৰ্বাধিক ৮৮, অপেনাৰ শুভম মণ্ডলে ৪৯ আৰু কুণাল শইকীয়াই অপৰাজিত ৪৬ ৰাণ কৰে । মিডল অৰ্ডাৰ বেটছমেন ৰূপে ৰিয়ানে ১৬৫ টা বলত এটা ৬ আৰু ১১ টা চাৰিৰ সহায়ত ইনিংছটো সজায় যদিও মাত্ৰ ১২ ৰাণৰ বাবে শতৰাণৰ পৰা বঞ্চিত হয় । তেওঁলোকৰ বাহিৰে বাকীসকল বেটছমেন ৰাণ সংগ্ৰহত সফল নহল ।
মহাৰাষ্ট্ৰৰ হৈ সত্যজিৎ বাছভে ৪ টা উইকেট দখল কৰে । শনিবাৰে দ্বিতীয় ইনিংছ আৰম্ভ কৰি অসমে ৩৫ অভাৰত ৩ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৮২ ৰাণ । ফলস্বৰূপে হাতত ১ টা দিন আৰু ৭ টা উইকেট বাকী থকা অৱস্থাত অসম এতিয়াও ৮৫ ৰাণত পিছপৰি আছে । অপেনাৰ ঋষভ দাসে ৩৪ , শুভম মণ্ডলে ৮ আৰু গকুল শৰ্মাই কোনো ৰাণ নকৰাকৈ ক্ৰিজ এৰে । প্ৰথম ইনিংছত মাত্র ১২ ৰাণৰ বাবে শতকৰ পৰা বঞ্চিত হোৱা ৰিয়ান পৰাগে ৭২ টা বলৰ সন্মুখীন হৈ ৪ টা বাউণ্ডেৰীৰ সহায়ত ৩৫ ৰাণ কৰি অপৰাজিত হৈ আছে । ১৫ টা বলত ২ ৰাণত বেটিং কৰি আছে স্বৰূপম পুৰকায়স্থই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments