Tuesday, October 4, 2022
HomeNewsস্বৰূপমৰ শতকেৰে বিদৰ্ভৰ বিৰুদ্ধে তিনি শতাধিক ৰাণ অসমৰ

স্বৰূপমৰ শতকেৰে বিদৰ্ভৰ বিৰুদ্ধে তিনি শতাধিক ৰাণ অসমৰ

অলিম্পিয়া প্ৰতিবেদন

ক্ৰমাগত দুখন মেচত আত্মসমৰ্পণৰ পাছত তৃতীয় মেচত উভতি ধৰিলে অসমে । ৰঞ্জি ট্ৰফীৰ এলীট গ্ৰুপ ‘জি’ৰ অন্তিমখন লীগ মেচত উজলি উঠিল অসমৰ স্বৰূপম পুৰকায়স্থ । হাৰিয়ানাত বৃহস্পতিবাৰে স্বৰূপমে কৰা শতৰাণৰ যোগেদি অসম বিদৰ্ভৰ বিৰুদ্ধে এক সন্মানজনক স্থিতিত উপনীত হয় । শুক্ৰবাৰে পুৱাৰ ভাগত অসমে ৯২.১ অভাৰত সকলো উইকেট হেৰুৱাই প্ৰথম ইনিংছত সংগ্ৰহ কৰে ৩১৬ ৰাণ । অসম দলৰ হৈ স্বৰূপমে ১৭৫ টা বলত ৩ টা ছিক্সাৰ আৰু ১২ টা বাউণ্ডেৰীৰ সহায়ত ১১৩ ৰাণৰ বৰঙণি যোগায় । তেওঁৰ বাহিৰে অসমৰ কোনো বেটছমেনে অৰ্ধশতকো কৰিব নোৱাৰিলে । ৰিয়ান পৰাগে ৪৮, অপেনাৰ ঋষভ দাসে ৪৪, ডেনিছ দাসে ৩৫ আৰু অধিনায়ক কুনাল শ‌ইকীয়াই ৩১ ৰাণ কৰে । আন গৰাকী অপেনাৰ শুভম মণ্ডলে ৬ টা বল খেলি কোনো ৰাণ নকৰাকৈ আউট হয় । বলিঙত বিদৰ্ভৰ হৈ ৰজনীশ গুৰবাণীয়ে ৫ টা উইকেট দখল কৰে । আদিত্য ছাৰৱাটে লাভ কৰে ২ টা উইকেট । প্ৰথম দিনা অসমে ৮৭ অভাৰত ৬ উইকেটত ২৮৯ ৰাণ সংগ্ৰহ কৰা অৱস্থাত শুক্ৰবাৰে মাত্ৰ ২৭ ৰাণ যোগ দিয়ে । লক্ষণীয়ভাৱে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত স্বৰূপমৰ এয়া দ্বিতীয়টো শতৰাণ । অৱশ্যে সীমিত অভাৰত তেওঁৰ দুটা শতৰাণ আছে । বৃহস্পতিবাৰৰ এই ইনিংছটোৰ যোগেদি স্বৰূপমে প্ৰথম শ্ৰেণী ক্ৰিকেট মেচত ডেৰহাজাৰৰ অধিক ৰাণ সংগ্ৰহ কৰিলে । এই পৰ্যন্ত অলৰাউণ্ডাৰ স্বৰূপমে ৩৮ খন মেচত ১৬৩৯ ৰাণ কৰাৰ লগতে ৬৭ টা উইকেটো লাভ কৰিছে । অলৰাউণ্ডাৰ হিচাপে অসমৰ ক্ৰিকেটাৰৰ ইও এক অভিলেখ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments