অলিম্পিয়া প্ৰতিবেদন
ৰঞ্জি ট্ৰফী ক্ৰিকেটত অসমৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ দলে ১৪৩.৩ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৪১৫ ৰাণ ।। দলৰ এই শক্তিশালী স্থিতিৰ মূলতে আছিল অপেনাৰ পৱন শ্বাহৰ দ্বিশতক । হাৰিয়ানা ৰোহটকৰ চৌধুৰী বংশীলাল ক্ৰিকেট ষ্টেডিয়ামত শুক্ৰবাৰে দ্বিতীয় দিনা মহাৰাষ্ট্ৰৰ অপেনাৰ শ্বাহে ৪০১ বলত ২ টা ছয় আৰু ২০ টা চাৰিৰ সহায়ত ২১৯ ৰাণত আউট হয় । তেওঁৰ উপৰি সত্যজিৎ বাছভে ৫২ ৰাণ আৰু দিব্যাং হিংগানেকাৰে কৰে ৪৬ ৰাণ । বলিঙত অসমৰ মুখতাৰ হুছেইনে ৫ টা উইকেট দখল কৰে । দুটাকৈ উইকেট লাভ কৰে অৰূপ দাস আৰু ৰঞ্জিত মালীয়ে । দিনান্তত অসমে ৩৪ অভাৰত ২ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৮১ ৰাণ । অপনাৰ ঋষভ দাসে ১৪ আৰু প্ৰাক্তন অধিনায়ক গকুল শৰ্মাই মাত্ৰ ৫ ৰাণত আউট হলেও আন গৰাকী অপেনাৰ শুভম মণ্ডল আৰু ৰিয়ান পৰাগে সুষ্ঠিৰ ভাৱে দলক আগুৱাই নিয়াৰ চেষ্টা কৰিছে। সুভমে ১০০ টা বলত ৬ টা বাউণ্ডেৰীৰ সহায়ত ৩৪ আৰু ৰিয়ানে ৬৪ টা বলত ৫ টা বাউণ্ডেৰীৰ সহায়ত ২৬ ৰাণ কৰি আউট নোহোৱাকৈ আছে । হাতত ৮ টা উইকেট বাকী থকা অৱস্থাত অসম মহাৰাষ্ট্ৰ দলতকৈ ৩৩৪ ৰাণত পিছপৰি আছে ।