✍️ পূৰ্ণানন্দ নেওগ
শতাধিক খেলুৱৈ। কেন্দ্ৰীয় ক্রীড়া বিভাগৰ স্বীকৃতিপ্ৰাপ্ত এবিধ খেল। হয়তো অতি কম সময়ৰ ভিতৰত অলিম্পিকৰ মঞ্চতো দেখা পোৱা যাব খেলবিধক। কিন্তু অসমত খেলবিধৰ নাই পৰ্যাপ্ত আন্তঃগাঁথনি। নাই এখন খেলপথাৰ।
আমি ক’বলৈ খুজিছোঁ ৰোল বলৰ কথা। ভাৰততে জন্ম লাভ কৰা এই খেলবিধ বৰ্তমান বিশ্বৰ প্ৰায় ৬৫ খনৰো অধিক দেশত জনপ্ৰিয়। তুলনামূলকভাৱে নতুন খেলবিধত দেশৰ লগতে অসমৰো খেলুৱৈসকল উজলি উঠিছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বিভিন্ন প্ৰতিযোগিতাত। অসমৰ মনিষা বড়ো প্ৰধান, বি এ কাৰ্গিল, মানস জ্যোতি গগৈ, মায়ংক আগৰৱালা আদিকে কৰি অসমৰ ৰোল বল খেলুৱৈয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ পিছতো অসমত প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈ উক্ত খেলবিধ।
যি সময়ত কেন্দ্ৰীয় ক্রীড়া বিভাগে ৰোল বলক স্বীকৃতি প্ৰদান কৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো ৰোল বল খেলুৱৈসকলে নিযুক্তি লাভ কৰাৰ পথ মুকলি কৰি দিছে সেই সময়ত অসমৰ ক্রীড়া বিভাগৰ দ্বাৰা উপেক্ষিত হৈছে এইবিধ খেল। আনকি অসমৰ ক্রীড়া বিভাগৰ দ্বাৰা প্ৰদান কৰা জলপানিৰ তালিকাতো নাম নাই ৰোল বলৰ। ৰাজ্যৰ ক্রীড়া বিভাগৰ এনে মাহী আইৰ দৃষ্টিৰ বাবে এতিয়া বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ ৰোল বল খেলুৱৈ। এই লৈ ক্ষোভ ব্যক্ত কৰিছে অসম ৰোল বল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে। অলিম্পিয়াৰে হোৱা কথাবাৰ্তাত তেওঁ কয় যে যি সময়ত কেন্দ্ৰৰ ক্রীড়া বিভাগে ৰোল বলৰ লগতে দেশৰ ৬৫ বিধ খেলক স্বীকৃতি প্ৰদান কৰি নিয়োগৰ ক্ষেত্ৰতো সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়ত অসমত ৰোল বলক এতিয়াও প্ৰায়োজনীয় স্বীকৃতি প্ৰদান কৰা নাই। ৰোল বলৰ খেলুৱৈসকল ইয়াত চৰকাৰী জলপানীৰ পৰাও বঞ্চিত হৈ আছে। যিসকলে চৰকাৰী জলপানীৰ বাবে তালিকা প্ৰস্তুত কৰে তেওঁলোকে ৰোল বলক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা স্বীকৃতিৰ বিষয়ে হয়তো জ্ঞাত নহয় বুলি ক্ষোভ উজাৰে বৰ্মনে।
অৱশ্যে, বিগত সময়চোৱাত অসম চৰকাৰে ৰাজ্যৰ ১১ গৰাকী ৰোল বল খেলুৱৈক সাহাৰ্য্য দিয়াৰ কথাও স্বীকাৰ কৰে বৰ্মনে। তেওঁ কয় যে অসমৰ দুজনকৈ আন্তঃৰাষ্ট্ৰীয় ৰোল বল খেলুৱৈৰ লগতে ৰাজ্যখনৰ প্ৰতিভাসম্পন্ন এঘাৰ গৰাকী খেলুৱৈলৈ ৰাজ্য চৰকাৰে এককালীন সাহাৰ্য্য আগবঢ়াইছে।
উল্লেখযোগ্য যে, যোৱা ২ টাকৈ বছৰে লকডাউনৰ বাবে স্থবিৰ হৈ আছে সমগ্ৰ ক্রীড়াক্ষেত্ৰ। লকডাউনে ৰোল বল খেলুৱৈ তথা প্ৰশিক্ষকসকলৰ জীৱনলৈও নমাই আনিছে বিভীষকা। বহুতে এতিয়া উপাৰ্জনৰ বাবে দিবলগীয়া হৈছে দোকান অথবা বাচি ল’বলগীয়া হৈছে আন কাম।
বৰ্মনে এই মুহূৰ্তত অসমত ৰোল বলৰ প্ৰসাৰৰ বাবে এখন খেলপথাৰৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। এখন খেলপথাৰৰ বাবে বিভিন্ন সময়ত অসম ৰোল বল সন্থাই দাবী জনাই আহিছে। খেলপথাৰ পালেই অসমৰ ল’ৰা- ছোৱালীয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু অধিক সুনাম কঢ়িয়াই আনিব। এই আশা ব্যক্ত কৰিছে অসম ৰোল বল সন্থাৰ সম্পাদকগৰাকীয়ে।
ৰাজ্যত ক্রীড়াক্ষেত্ৰত ক্ষিপ্ৰ গতিৰে গ্ৰহণ কৰা কেতবোৰ আঁচনিয়ে যি সময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সেই সময়ত ৰোল বলৰ দৰে সম্ভাৱনাপূৰ্ণ এবিধ খেল এনেদৰে উপেক্ষাৰ সন্মূখীন হোৱাতো সঁচাকৈয়ে দুৰ্ভাগ্যজনক। অনাগত সময়ত অসমৰ ৰোল বল খেলুৱৈসকলে অনুশীলনৰ বাবে এখন খেলপথাৰ লাভ কৰক। এতিয়া সকলো ক্রীড়া উদ্যোমী ৰাইজৰ সেয়াই আশা।