অলিম্পিয়া প্রতিবেদন
ৰাঁচীত ২১ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ উশ্বুত ২৮ টা পদকেৰে দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ লাভ কৰিছে অসমৰ উশ্বু দলটোৱে। ৰাঁচীস্থিত ঠাকুৰ বিশ্বনাথ সহদেও ইনড’ৰ ষ্টেডিয়ামত আয়োজিত উক্ত প্ৰতিযোগিতাত অসমে ৬ টা স্বৰ্ণ, ৯ টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২৮ টাকৈ পদক বুটলিবলৈ সক্ষম হয়। অসম দলটোৱে সামূহিকভাৱে প্ৰতিযোগিতাখনত দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ লাভ কৰাৰ লগতে টাওলো শাখাত ৰানাৰ্ছ আপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

১২ ৰ পৰা ১৪ বছৰৰ বয়স শাখাৰ টাওলো ৰুটিন ইভেণ্টত অসমৰ আয়ান দত্তই ১ টা স্বৰ্ণ আৰু ১ টা ব্ৰঞ্জৰ পদক, আৰহান বৰুৱাই ১ টা স্বৰ্ণ, ১ টা ৰূপ, দীক্ষা তিৱাৰীয়ে ২ টা স্বৰ্ণ, শ্যামলী ডেকাই ১ টা স্বৰ্ণ, চিৰঞ্জীত বড়োই ২ টা ৰূপ আৰু ১ টা ব্ৰঞ্জ, স্নেহা বৰাই ১ টা ৰূপ, ডেইজি ৰাভাই ১ টা ৰূপ আৰু ১ টা ব্ৰঞ্জ, প্ৰান্তিকা বৰা আৰু প্ৰাঞ্জল মেধিয়ে ২ টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰে।
ইপিনে, ৭ ৰ পৰা ১২ বছৰ বয়স শাখাৰ টাওলো ৰুটিন ইভেণ্টত কাশ্যপী সোণোৱালে ১ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে লাৰিনছা বসুমতাৰীয়ে ১ টা ৰূপৰ পদক লাভ কৰে।
চান্দাৰ ফ্ৰি ফাইটিং ইভেণ্টত ৫৬ কেজি অনুর্ধত এমি দলেই স্বৰ্ণ, ৩৯ কেজি অনুর্ধত আৰ্টছ দত্তই ৰূপ, ২৪ কেজি অনুর্ধত বিমান ৰায়ে ব্ৰঞ্জ, ৩২ কেজি অনুর্ধত অংকুৰ ভৌমিক, ২০ কেজি অনুর্ধত ভাগ্যশ্ৰী সন্দিকৈয়ে ব্ৰঞ্জ, ২৪ কেজি অনুর্ধত অংকিতা চেতিয়াই ব্ৰঞ্জ, ৩৯ কেজি অনুর্ধত দিব্য আশ্চৰ্যই ব্ৰঞ্জ, ৪৮ কেজি অনুর্ধত এলিনা ৰাভাই ব্ৰঞ্জ, ৫২ কেজি অনুর্ধত বৰষা হাতীমূৰীয়াই ব্ৰঞ্জৰ পদক লাভৰে প্ৰতিযোগিতাখনত জিলিকি উঠে।
৪৪ জনীয়া অসম দলটোৰ প্ৰশিক্ষক আছিল ৰাহুল বসুমতাৰী আৰু দীপক দাস। আনহাতে দলটোৰ মেনেজাৰৰ দায়িত্বত আছিল ৰুণুমি বুঢ়াগোহাঁই আৰু সুভাষ মেধি। অসম দলটোৰ এই সাফল্যত অসম উশ্বু সন্থাৰ সম্পাদক ৰঞ্জিত বড়ো আৰু সভাপতি মুৰুলিধৰ চৌধুৰীয়ে দলটোক অভিনন্দন জনাইছে।