অলিম্পিয়া প্ৰতিবেদন
ৰাষ্ট্ৰীয় উশ্বুত ১০ টা পদকেৰে উজলি উঠিল অসমৰ জুনিয়ৰ দলটো। হাৰিয়ানাৰ ফাটেহাবাদত ১০ ৰ পৰা ১৫ মাৰ্চলৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত অসমে ১ টা স্বৰ্ণ, ২ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়।
প্ৰতিযোগিতাৰ একমাত্ৰ স্বৰ্ণ পদকটো টাউলো ইভেণ্টৰ টাইচিকোৱান শাখাত ৰৈতলী বড়োই লাভ কৰে। ইয়াৰ লগতে টাইচিজিয়ান শাখাত ৰৈতলী বড়োই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। টাওলো ইভেণ্টত নীহাৰ বড়োই ১ টা ৰূপ, গুঞ্জন কলিতাই ২ টা ব্ৰঞ্জ আৰু কমল কুমাৰ বড়োই ১ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
ইয়াৰ বিপৰীতে, ছাণ্ডা শাখাৰ য়ুথ কেটেগৰীত মানৱ প্ৰতিম সোনোৱাল, নিৰজ বৰাই ১ টাকৈ ব্ৰঞ্জৰ পদক দখল কৰে। ইপিনে, সুৰজ বৰুৱা আৰু ইন্দ্ৰ ঘূলেই ব্ৰঞ্জ পদক লাভ কৰে জুনিয়ৰ শাখাত।