Wednesday, July 6, 2022
HomeNewsঅনলাইন নেচনেল ট্ৰেদিচনেল উশ্বু চেম্পিয়নশ্বিপত অসমৰ ৯ টাকৈ পদক

অনলাইন নেচনেল ট্ৰেদিচনেল উশ্বু চেম্পিয়নশ্বিপত অসমৰ ৯ টাকৈ পদক

অলিম্পিয়া প্রতিবেদন

ভাৰতীয় উশ্বু সন্থাৰ সৌজন্যত তথা পঞ্জাৱ উশ্বু সন্থাৰ উদ্যোগত আৰু চণ্ডীগৰ বিশ্ববিদ্যালয়ৰ সহযোগত ৩০ মেৰ পৰা ৪ জুনলৈ অনুষ্ঠিত হৈ যায় প্ৰথম অনলাইন নেচনেল ট্ৰেদিচনেল উশ্বু চেম্পিয়নশ্বিপ। অনলাইন প্ৰতিযোগিতাখন মুকলি কৰে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আৰ এছ বাৱাই। মুকলি অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় উশ্বু সন্থাৰ সভাপতি ভূপেন্দ্ৰ সিং বাজৱা।

প্ৰতিযোগিতাখনত অসমৰ খেলুৱৈসকল উজলি উঠে। দেশৰ ২৫ খন ৰাজ্যৰ প্ৰায় ৪০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাত অসমে পাঁচটা স্বৰ্ণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকসহ মুঠ ৯ টা পদক লাভ কৰে।

প্ৰতিযোগিতাৰ ছাব জুনিয়ৰ ল’ৰাৰ শাখাত ট্ৰেডিছনেল চিংগল ৱেপন আৰু আডাৰ ষ্টাইল টাইপ ইভেণ্টত আৰহান বৰুৱাই স্বৰ্ণ, ছাব জুনিয়ৰ ছোৱালীৰ শাখাৰ আডাৰ ষ্টাইল টাইপ ইভেণ্টত দৰিয়লি কাব্য প্ৰতিভাই স্বৰ্ণ, ট্ৰেডিছনেল ফ্লেকচিবল ৱেপ ট্ৰেডৰ চেভেন ছিনিয়ৰ মেন শাখাত মঞ্জয় চেত্ৰীয়ে স্বৰ্ণ, ট্ৰেডিছনেল ট্ৰাইচিকোৱানৰ ছিনিয়ৰ মহিলাৰ শাখাত নৱনীতা বড়োই স্বৰ্ণ লাভ কৰে। ট্ৰেডিছনেল টাইচিকোৱানৰ ছাব জুনিয়ৰ বয়জ শাখাত অয়ন দত্তই ৰূপ, আডাৰ ষ্টাইল টাইপ ইভেণ্টৰ ছাব জুনিয়ৰ ছোৱালীৰ শাখাত শ্যামলী ডেকাই ৰূপৰ পদক লাভ কৰে। ইপিনে ট্ৰেডিছনেল টাইচিকোৱানৰ ছাব জুনিয়ৰ বয়জ শাখাত প্ৰাঞ্জল মেধিয়ে ব্ৰঞ্জ আৰু আডাৰ ষ্টাইল টাইপ ইভেণ্টৰ চেভেন ছিনিয়ৰ মেন শাখাত নিবিড় ৰঞ্জন বৰ্মনে ব্ৰঞ্জৰ পদক লাভ কৰে।

প্ৰতিযোগিতাত স্থান লাভ কৰা খেলুৱৈসকল

প্ৰতিযোগিতাত স্থান লাভ কৰা খেলুৱৈসকলক অসম উশ্বু সন্থাৰ সম্পাদক ৰঞ্জিত বড়োই শুভেচ্ছা জ্ঞাপন কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments