Wednesday, October 5, 2022
HomeNewsচিটি ক্ৰিকেট কোচিং চেন্টাৰৰ প্ৰাইজমাণি টেনিছ টুৰ্ণামেন্ট আৰম্ভ

চিটি ক্ৰিকেট কোচিং চেন্টাৰৰ প্ৰাইজমাণি টেনিছ টুৰ্ণামেন্ট আৰম্ভ

অলিম্পিয়া প্ৰতিবেদন

চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ প্ৰাইজমানি ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ। মুঠ ১২ টা দলৰ অংশগ্ৰহণ । উদ্বোধনী মেছত মহাৰাণাৰ বিৰুদ্ধে পৰাস্ত নৱৰংগ ক্লাব । উদ্বোধন কৰিলে স্বপ্ননীল বৰুৱাই ।

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত মংগলবাৰৰ পৰা আৰম্ভ হ’ল গোলাপ হাজৰিকা , আৰতি হাজৰিকা আৰু শৰৎ কলিতা সোঁৱৰণী সীমিত অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট। মুঠ ১২টা দলে যোগদান কৰা এই টুৰ্ণামেণ্টৰ আয়োজক চিটি ক্ৰিকেট কোচিং চেণ্টাৰ । সীমিত অভাৰৰ এই প্ৰতিযোগিতাখনৰ লীগ মেচসমূহ ২০ অভাৰৰ আৰু ছেমি ফাইনেল তথা ফাইনেল মেচ কেইখন ৪০ অভাৰৰ হ’ব। এই সম্পৰ্কত আয়োজক কমিটিৰ মুখ্য সম্পাদক তথা প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ গৌতম হাজৰিকাই মন্তব্য কৰিছে ।

টুৰ্ণামেণ্টৰ চেম্পিয়ন দলে ১ লাখ আৰ ফাইনেলিষ্ট দলে ট্ৰফীসহ ৫০ হাজাৰ টকাৰ প্ৰাইজমানি লাভ কৰিব । ইয়াৰ লগতে থাকিব ব্যক্তিগত ট্ৰফীসমূহ থাকিব । যোৱাবছৰ এই টুৰ্ণামেণ্টখন গুৱাহাটীত খেলপথাৰৰ অভাৱৰ বাবে মঙ্গলদৈত অনুষ্ঠিত হৈছিল । অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী ক্ৰীড়া সন্থাৰ ক্ৰিকেট সম্পাদক প্ৰমোদ ৰাজবংশীয়ে মনোভাৱ ব্যক্ত কৰিলে।


পুৱা টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পূৰ্বৰ ক্ৰীড়া প্ৰশাসক স্বপ্ননীল বৰুৱা , গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ মুখ্য প্ৰশিক্ষক নৱাব আলী আৰু গুৱাহাটী য়ং ষ্টাৰ ফুটবল কোচিং চেণ্টাৰৰ মুখ্য প্ৰশিক্ষক হেম দাস । টুৰ্ণামেণ্টখন উদ্বোধন কৰে স্বপ্ননীল বৰুৱাই । মঙলবাৰে উদ্ধোধনী মেচত মহাৰাণা এথলেটিকছ ক্লাবে ৬ উইকেটত পৰাস্ত কৰে নবৰংগ ক্লাবক । আনখন মেচত ৰয়েল ক্ৰিকেট ক্লাবে ১০ উইকেটত হৰুৱায় চানমাৰী স্পৰ্টছ ক্লাবক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments