Wednesday, October 5, 2022
HomeNews১০০ মিটাৰ দৌৰত ৰূপৰ পদক জয় ১৮ মহীয়া কন্যা সন্তানৰ মাতৃ ...

১০০ মিটাৰ দৌৰত ৰূপৰ পদক জয় ১৮ মহীয়া কন্যা সন্তানৰ মাতৃ জিলনাৰ

অলিম্পিয়া প্ৰতিবেদন

কেৰালাত অনুষ্ঠিত ফেডাৰচন কাপৰ ১০০ মি: দৌৰত ৰূপৰ পদক অৰ্জন কৰিলে ১৮ মহীয়া কন্যা সন্তানৰ এগৰাকী মাতৃয়ে । নাম তেওঁৰ জিলনা ভি এম । ফেডাৰচন কাপ এথলেটিকছত ১০০ মি: দৌৰত এই পদক অৰ্জনেৰে জিলনাই সকলোকে চমকিত কৰিছে । ৩ এপ্ৰিল অৰ্থাৎ দেওবাৰে ১১.৬৩ ছেকেণ্ডত ১০০ মি: অতিক্ৰম কৰি তেওঁ দ্বিতীয় স্থান অধিকাৰ কৰে । ব্যক্তিগতভাবে এয়া আছিল তেওঁৰ শ্ৰেষ্ঠ টাইমিং । মাত্ৰ কেইটামান মুহুৰ্তৰ বাবে ভাৰতৰ দ্ৰুততম দৌৰবিদ দ্যুটি চান্দক অতিক্ৰম কৰিব নোৱাৰিলে জিলনাই । কেৰালাৰ এই ২৪ বছৰীয়া এথলীটগৰাকীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰা কোল্লামৰ পৰা তেওঁৰ স্বামীৰ ঘৰ পালাক্কাদলৈ পথযোগে ৭ ঘণ্টাৰ দূৰ । প্ৰশিক্ষণত বাধা হ’ব বুলি ভাবি জিলনাই ঘৰৰ পৰা আঁতৰি আছিল । কন্যাৰ জন্মৰ পাছত প্ৰথমবাৰলৈ প্ৰতিযোগিতাত অংশ লোৱা জিলনাই কয় , ” মই বহুদিন ধৰি ঘৰৰ পৰা বাহিৰত থকাৰ বাবে ছোৱালীজনীয়ে মোক ‘মা’ বুলি নামাতি ‘চাচী’ বুলি মাতে । তেতিয়া বেয়া লাগে । নিজৰ সন্তানৰ লগত থাকিব নোৱাৰি মনত দুখ থাকিলেও প্ৰতিযোগিতাৰ পিছত লগ পামেই বুলি সান্ত্বনা লভো । সন্তান জন্মৰ পিছত নিজকে ফিট ৰাখিবৰ বাবে মই যথেষ্ট কষ্ট কৰিবলগা হৈছে । খেলৰ প্ৰতি থকা অনুৰাগৰ বাবেই মোৰ লগতে পৰিয়ালটোৱে সকলো কষ্ট সহ্য কৰিবলগা হৈছে । ” ১০০ মি: দৌৰত ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী দ্যুটি চান্দে ১১.৪৯ ছেকেণ্ডেৰে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে জিলনাই দ্বিতীয় স্থান পায় । তেওঁ ২০০ মি: হিটছটো প্ৰতিদ্বন্দিতা কৰে । স্কুলীয়া অৱস্থাৰ পৰা এথলেটিকছ আৰম্ভ কৰা জিলনাই ২০১৯ ত ৰাষ্ট্ৰীয় শিবিৰত স্থান লাভ কৰে । গৰ্ভধাৰণ আৰু সন্তান জন্ম দিয়াৰ সময়ত জিলনাৰ ওজন ৮ কি:গ্ৰা: হ্ৰাস পায় । সীমা সুৰক্ষা বল (এছ এছ বি) ৰ চাকৰিয়াল জিলনাই স্বামী তথা প্ৰাক্তন ফুটবলাৰ মূৰ্তিৰ পৰা যথেষ্ট সহায় পাইছিল । তেওঁৰ স্বামী হ’ল টালাক্কাদৰ এখন পলিটেকনিক কলেজৰ প্ৰবক্তা । অৱশ্যে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে জিলনাই এতিয়াও যোগ্যতা অৰ্জন কৰা নাই ।কাৰণ ১০০ মি: দৌৰত কমনৱেলথ গেমছৰ বাবে ১১.৩১ ছেকেণ্ড আৰু এছিয়ান গেমছৰ বাবে ১১.৩৬ ছেকেণ্ড যোগ্যতা নিৰ্ণায়ক টাইমিং বান্ধি দিছে ভাৰতীয় এথলেটিকছ ফেডাৰেচনে । এই সম্পৰ্কত জিলনাই কয়,”মই এতিয়া ছন্দ ঘূৰাই পাইছো । ফেডাৰেচন কাপত ব্যক্তিগত শ্ৰেষ্ঠ দিছো যদিও অধিক উন্নত কৰিবলৈ বাকী আছে ।” ফেডাৰচন কাপৰ পিছত কিছুদিন নিজৰ কন্যাৰ সৈতে থকাৰ পিছত তেওঁ পুনৰ কোল্লামলৈ প্ৰশিক্ষণৰ বাবে উভতি যাব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments