Sunday, October 2, 2022
HomeNewsঅসমৰ সৰ্বোচ্চ পাহাৰলৈ ট্ৰেকিং তথা দুঃসাহসিক প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি

অসমৰ সৰ্বোচ্চ পাহাৰলৈ ট্ৰেকিং তথা দুঃসাহসিক প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি

অলিম্পিয়া প্ৰতিবেদন

অসম চৰকাৰৰ অধীনস্থ অসম পৰ্বতাৰোহণ তথা দুঃসাহসিক ক্ৰীড়ানুষ্ঠানৰ উদ্যোগত ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ সহযোগত অসমৰ সমগ্ৰ জিলাক সামৰি এক দুঃসাহসিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় ৷ উল্লেখ্য যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ জ্যেষ্ঠ পৰ্বতাৰোহণ প্ৰশিক্ষক তথা প্ৰথম অসমীয়া মাউণ্ট এভাৰেষ্ট আৰোহী অসম গৌৰৱ তৰুন শইকীয়াৰ নেতৃত্বত আঠদিন জুৰি চলিবলগীয়া উক্ত শিবিৰটো যোৱা ২০ মাৰ্চ, দেওবাৰে ডিমাহাচাও জিলাৰ হফলঙৰ ডাউলাগুফু ষ্টেডিয়াম প্ৰাংগনত শুভাৰম্ভণি কৰা হয় ৷ এই অনুষ্ঠানত ডিমাহাচাও জিলাৰ প্ৰধান সচিব টি টি ডাউলাগুপু, অতিৰিক্ত আয়ুক্ত সচিব আনিচ ৰাচুল মজুমদাৰ আৰু জিলা ক্ৰীড়া বিষয়া জাগিৰ খানকে ধৰি স্থানীয় কেইজনো সন্মানীয় ব্যক্তি উপস্থিত থাকে ৷
অসমৰ সৰ্বোচ্চ পাহাৰলৈ ট্ৰেকিং তথা দুঃসাহসিক প্ৰশিক্ষণ শিবিৰটোত ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা মুঠ ৭১ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু এই প্ৰশিক্ষণ কাৰ্যসূচীটোত ৯ গৰাকী অভিজ্ঞ তথা উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকে প্ৰশিক্ষণ আগবঢ়াইছে ৷ ইতিমধ্যে সমগ্ৰ দলটোৱে ডিমাহাচাও জিলাৰ বৰাইল পৰিসৰত অন্তৰ্গত সাগৰ পৃষ্ঠৰ পৰা ১৮৬৬ মিটাৰ (৬১২২.০৪৭ ফুট) উচ্চতাত অৱস্থিত অসমৰ সৰ্বোচ্চ চূড়া “থিংটোহ-বোং” ট্ৰেকিং সফলতাৰে সম্পন্ন কৰে ৷ ট্ৰেকিং সম্পন্ন কৰি বৰ্তমান দলটোৱে পানিমোৰত অৱস্থিত ‘মাইৰংমা ডাওগা কপিলী তিৰ্থ’ প্ৰাংগনত অস্হায়ী শিবিৰ স্থাপন কৰিছে ৷
প্ৰশিক্ষণটোৰ দ্বায়িত্বত থকা তৰুণ শইকীয়াই জানিব দিয়া মতে পানিমোৰ অন্তৰ্গত কপিলী খৰস্ৰোতা নৈত তেওঁলোকে প্ৰশিক্ষাৰ্থীসকলক ৰাফটিংৰ ওপৰত কিছু কাৰিকৰী তথা মৌলিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷ লগতে দাঁতিকাষৰীয়া অঞ্চলত হাই-ৰোপ প্ৰশিক্ষণ যেনে- মাংকি ক্ৰ’লীং তথা জীপ লাইনিং, জোমাৰিং আদিৰ ওপৰতো প্ৰশিক্ষণ আগবঢ়াব ৷ তদুপৰি জিলাখনৰ হকে প্ৰশিক্ষাৰ্থীসকলক বন সংৰক্ষণ, পৰিবেশ প্ৰদুষণৰ সজাগতা আৰু পৰ্যটন বিকাশৰ ওপৰতো কিছু আভাস প্ৰদান কৰোৱা হ’ব ৷ সমগ্ৰ প্ৰশিক্ষণ কাৰ্যসূচীতো অহা ২৭ মাৰ্চত সামৰণি মৰা হ’ব ৷

অসম চৰকাৰৰ অধীনস্থ “অসম পৰ্বতাৰোহন তথা দুঃসাহসিক ক্ৰীড়ানুষ্ঠান”ৰ উদ্দ্যোগত ক্ৰীড়া আৰু যুৱকল্যান সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত উক্ত কাৰ্যসূচীয়ে ভবিষ্যত দিনত ডিমাহাচাও জিলাৰ পৰ্যটন বিকাশৰ লগতে স্হানিয় শিক্ষিত যুৱক যুৱতীসকলক পৰ্যটন আৰু দুঃসাহসিক ক্ৰীড়া ক্ষেত্ৰত আৰু অধিক আকৰ্ষিত কৰিব বুলি আষা প্ৰকাশ কৰিছে৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments