Monday, October 3, 2022
HomeNewsৰাষ্ট্ৰীয় স্কেট ডেন্সিঙত স্বৰ্ণ জয়েৰে এছিয়ান চেম্পিয়নশ্বিপলৈ যোগ্যতা মেহল আগৰৱালাৰ

ৰাষ্ট্ৰীয় স্কেট ডেন্সিঙত স্বৰ্ণ জয়েৰে এছিয়ান চেম্পিয়নশ্বিপলৈ যোগ্যতা মেহল আগৰৱালাৰ

অলিম্পিয়া প্ৰতিবেদন

নেপালত মে’ত অনুষ্ঠিত হ’ব লগা এছিয়ান ডেন্সস্কেট চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ কণমানি মেহল আগৰৱালে । গুৱাহাটীত কুমাৰপাৰা নিবাসী বিকাশ আগৰৱালা আৰু সন্তোষ আগৰৱালাৰ কন্যা মেহলে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰি এছিয়ান চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰে । যোৱা ২০ মাৰ্চত অনলাইন যোগে অনুষ্ঠিত ৰাষ্ট্ৰীয় ডেন্সস্কেট স্পৰ্ট চেম্পিয়নশ্বিপৰ ১২ বছৰ অনূৰ্দ্ধ ছোৱালী শাখাৰ মডাৰ্ণ ইভেন্টৰ একক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ দেশৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰে । এই সাফল্যৰ বাবে মেহলক অভিনন্দন জনাইছে অসম ডেন্সস্কেট সন্থাৰ সম্পাদক এলিছা ফাৰহীনে । মেহল গুৱাহাটী ইণ্টাৰনেচনেল স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী । নেপালত মে’ত হ’বলগা এছিয়ান চেম্পিয়নশ্বিপৰ দিন পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments