Monday, October 3, 2022
HomeNewsৰাজ্যৰ ক্ৰীড়াক্ষেত্রৰ বাবে সুখবৰ : ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত জিলিকিল অসমৰ খেলুৱৈ

ৰাজ্যৰ ক্ৰীড়াক্ষেত্রৰ বাবে সুখবৰ : ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত জিলিকিল অসমৰ খেলুৱৈ

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবড়িৰ টাডেপলীগুডেমত যোৱা ২৬-২৯ মাৰ্চত অনুষ্ঠিত হয় ৪৬ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ যোগাসন ক্ৰীড়া প্ৰতিযোগিতা । যোগ ফেডাৰেচন অৱ ইণ্ডিয়াই আয়োজন কৰা এই যোগাসন ক্ৰীড়া প্রতিযোগিতাত অসম দলে অংশগ্ৰহণ কৰি কঢ়িয়াই আনিলে সুনাম । এই প্ৰতিযোগিতাখনত অসম দলে তিনিটাকৈ ৰূপৰ আৰু দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে । ইয়াৰ লগতে আন সাতগৰাকী প্ৰতিযোগীয়ে বিভিন্ন শিতানত স্থান লাভ কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতাখনত অসমৰ ২৬ জন প্ৰতিযোগীয়ে ভাগ লৈছিল । ২৯ খন ৰাজ্যৰ খেলুৱৈৰ মাজত জিলিকি উঠিল অসম । উল্লেখনীয় যে, অন্ধ্ৰ প্ৰদেশৰ টাডেপলীগুডেমৰ ডি পি এছ ত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল । ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ বিভিন্ন বয়সৰ শাখাত অসমৰ প্ৰতিযোগীয়ে দাঙি ধৰিলে উন্নত প্ৰদৰ্শন । পদক প্ৰাপ্ত অসমৰ দলটোৰ পুৰুষৰ শাখাত পদক লাভ কৰিছে সুধানশু শ্বেখৰ, শেখৰ ভট্টাচাৰ্য, শুভজিৎ মণ্ডল, বিকাশ শনতাকে, দীপক কুমাৰ দাস আৰু মহিলা শাখাত স্থান লাভ কৰিছে শৰ্মিলা কুমাৰীয়ে বুলি অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক প্ৰভাত চন্দ্ৰ বৰাই জনাইছে ।যোগ খেলুৱৈসকলৰ এই সফলতাত অসম যোগ সংস্থাৰ অধ্যক্ষ ডাঃ কৃষ্ণ কুমাৰ বৰা,সভাপতি তপন কুমাৰ দাস, কোষাধ্যক্ষ মঞ্জুলা লস্কৰ, যুটীয়া সম্পাদক সমীৰ হাজৰিকা আৰু কাৰিকৰী সঞ্চালক চিত্তৰঞ্জন বৰাকে ধৰি যোগ ক্ষেত্রৰ লগত জড়িত ব্যক্তিসকলে জনাইছে শুভেচ্ছা । উল্লেখযোগ্য যে গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক চেম্পিয়নশ্বিপৰ দ্বাৰা নিৰ্বাচিত কৰা হৈছিল অসমৰ এই প্ৰতিযোগীসকলক ।প্রতিযোগিতাখনৰ খেলসমূহ পৰিচালনাৰ বাবে অসমৰ পৰা অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক প্রভাত চন্দ্ৰ বৰাৰ লগতে নিজৰা বৰা, জয়াৰাণী ডেকা, প্রতিশ্রুতি শইকীয়া, সুমন্ত মিত্ৰ আৰু ৰৌজলিন ব্ৰহ্মই ৰেফাৰীৰূপে অংশগ্ৰহণ কৰিছিল ।
ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিব—যোগ ক্ষেত্রত অসমৰ খেলুৱৈয়ে লাভ কৰক অন্য এক মাত্রা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six + seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments