Sunday, October 2, 2022
HomeNewsক্রীড়া বিভাগত ১৭৭ পদৰ বাবে বিজ্ঞাপন জাৰী

ক্রীড়া বিভাগত ১৭৭ পদৰ বাবে বিজ্ঞাপন জাৰী

অলিম্পিয়া প্ৰতিবেদন

ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে ১৭৭ টা পদৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰি জাননী জাৰী কৰিছে । ইয়াৰ ভিতৰত আছে মহকুমা ক্ৰীড়া বিষয়াৰ পদ চাৰিটা, শাৰীৰিক শিক্ষা নিৰ্দেশকৰ পদ ১১৯ টা আৰু প্ৰশিক্ষকৰ পদ ৫৪ টাকে ধৰি মুঠ ১৭৭ টা পদ । অৱশ্যে কিছু দিনৰ পূৰ্বে বি টি এ ডিৰ ক্ৰীড়া বিভাগেও ৫৮ টা পদৰ বাবে আবেলন পত্ৰ বিচাৰিছিল । দৰমহাৰ নিৰিখ প্ৰথমটো পদৰ বাবে ২২,০০০ – ৯৭,০০০ টকা আৰু আন দুটা পদৰ বাবে ১৪,০০০ – ৬০,৫০০ টকা । তিনিওপ্ৰকাৰ পদৰ বাবে স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় অথবা শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ পৰা ডিগ্ৰী নাইবা ডিপ্লমা লাভ কৰা হ’ব লাগিব । ইফালে প্ৰশিক্ষকসকলৰ বাবে এন আই এছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ লগতে বয়স ৩৮ বছৰৰ অধিক হ’ব নালাগিব । ফুটবল , ভলীবল , বাস্কেটবল এথলেটিকছ , বেডমিন্টন, সাঁতোৰ, উশ্বু , ভাৰোত্তোলন , টাইকোৱানডো , লন টেনিছ , টেবুল টেনিছ, বক্সিং , আৰ্চাৰী , জিমনাষ্টিকছ, হকী , কেনয়িং এণ্ড কায়াকিং , জুডো , খো-খো , কাবাডী , মল্ল যুঁজ , চাইক্লিং , ক্ৰিকেট , পৰ্বতাৰোহণ , ফেন্সিং আৰু হেণ্ডবলৰ বাবে প্ৰশিক্ষক বিচৰা হৈছে । আবেদন কৰাৰ অন্তিম দিন ১১ এপ্ৰিল । আগ্ৰহীসকলে ৰাজ্য চৰকাৰৰ ক্ৰীড়া সঞ্চালকালয় অথবা জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ পৰা সবিশেষ জানিব পাৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments