Monday, October 3, 2022
HomeNewsঅসমৰ সৰ্বোচ্চ চূড়ালৈ ট্ৰেকিং তথা দুঃসাহসিক প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি

অসমৰ সৰ্বোচ্চ চূড়ালৈ ট্ৰেকিং তথা দুঃসাহসিক প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি

অলিম্পিয়া প্ৰতিবেদন

অসম চৰকাৰৰ অধীনস্থ অসম পৰ্বতাৰোহন তথা দুঃসাহসিক ক্ৰীড়ানুষ্ঠানৰ উদ্যোগত ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ সহযোগত অসমৰ সমগ্ৰ জিলাক সামৰি এক দুঃসাহসিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় । উল্লেখ্য যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ জ্যেষ্ঠ পৰ্বতাৰোহন প্ৰশিক্ষক তথা প্ৰথম অসমীয়া মাউণ্ট এভাৰেষ্ট আৰোহী অসম গৌৰৱ তৰুন শইকীয়াৰ নেতৃত্বত আঠদিন জুৰি চলা উক্ত শিবিৰটোৰ সমগ্ৰ দলটোক যোৱ ১৯ মাৰ্চত গুৱাহাটীত ক্ৰীড়া আৰু যুৱকল্যান বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী আৰু যুটিয়া সঞ্চালক পাৰ্থ পেগুৱে শুভেচ্ছা বাৰ্তা জনায় । লগতে যোৱা ২০ মাৰ্চ, দেওবৰে ডিমা হাচাও জিলাৰ হাফলঙৰ ডাউলাগুফু ষ্টেডিয়াম প্ৰাংগনত প্ৰশিক্ষণ শিবিৰটোৰ শুভাৰম্ভণি কৰা হয় ৷ এই অনুষ্ঠানত ডিমা হাচাও জিলাৰ সচিব প্ৰধান টি. টি. ডাউলাগুপু, অতিৰিক্ত আয়ুক্ত সচিব আনিচ ৰাচুল মজুমদাৰ আৰু জিলা ক্ৰীড়া বিষয়া জাগিৰ খানকে আদি কৰি ষ্ঠানীয় কেইজনো সন্মানীয় ব্যক্তি উপস্থিত থাকে ৷

অসমৰ সৰ্বোচ্চ পাহাৰলৈ ট্ৰেকিং তথা দুঃসাহসিক প্ৰশিক্ষণ শিবিৰটোত ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা মুঠ ৭১ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে আৰু এই প্ৰশিক্ষণ কাৰ্যসূচীটোত ৯ গৰাকী অভিজ্ঞ তথা উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষক ক্ৰমে অবসৰপ্ৰাপ্ত পৰ্বতাৰোহণ প্ৰশিক্ষক অজিত কুমাৰ কলিতা, উচ্চ প্ৰশিক্ষণ প্ৰাপ্ত পৰ্বতাৰোহণ প্ৰশিক্ষক ক্ৰমে, হিম্মত বড়ো, বিক্ৰম বড়ো, ভূবনেশ্বৰ প্ৰসাদ, বিশ্বজ্যোতি হোজাই, মানিন বড়ো, অংকুৰ শৰণীয়া আৰু চাৰপোৰাজ হোজায়ে প্ৰশিক্ষণ আগবঢ়ায় ৷ উক্ত দুঃসাহসিক শিবিৰটোৰ অংশ হিচাপে দলটোৱে ডিমা হাচাও জিলাৰ বৰাইল পৰ্বতমালাৰ পৰিসৰত অন্তৰ্গত সাগৰ পৃষ্ঠৰ পৰা ১৮৬৬ মিটাৰ (৬১২২.০৪৭ ফুট) উচ্চতাত অৱস্থিত অসমৰ সৰ্বোচ্চ চূড়া “থিংটোহ-বোং”ত যোৱা ২১ মাৰ্চত বিয়লি ১২:২০ বজাত সফলতাৰে ট্ৰেকিং সম্পন্ন কৰে ৷ ট্ৰেকিং সম্পন্ন কৰি দলটোৱে পানিমোৰত অৱস্থিত ‘মাইৰংমা ডাওগা কপিলী তিৰ্থ’ প্ৰাংগনত অস্থায়ী শিবিৰ স্হাপন কৰে ৷ পানিমোৰ অন্তৰ্গত কপিলী খৰস্ৰোতা নৈত তেওঁলোকে প্ৰশিক্ষাৰ্থীসকলক ৰাফটিঙৰ ওপৰত কিছু কাৰিকৰী তথা মৌলিক প্ৰশিক্ষণো প্ৰদান কৰোৱা হয় ৷ লগতে দাঁতিকাষৰীয়া অঞ্চলত হাই-ৰোপ প্ৰশিক্ষণ যেনে– মাংকি ক্ৰ’লীং আৰু জীপ লাইনিং তথা জোমাৰিং আদিৰ ওপৰতো প্ৰশিক্ষণ আগবঢ়ায় ৷ তাৰ উপৰি জিলাখনৰ হকে প্ৰশিক্ষাৰ্থীসকলক বন সংৰক্ষণ, পৰিবেশ প্ৰদুষণৰ সজাগতা আৰু পৰ্যটন বিকাশৰ ওপৰতো কিছু আভাস প্ৰদান কৰোৱা হয় ৷ সমগ্ৰ প্ৰশিক্ষণ কাৰ্যসূচী ২৭ মাৰ্চত সফলতাৰে সামৰণি মৰা হয়৷ সামৰণি অনুষ্ঠানত ডিমাহাচাও জিলাৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা, কাৰ্যবাহী সদস্য নৱজিত হোজাই, ডিমাহাচাও এডভেঞ্চাৰ এছচিয়েচনৰ সভাপতি পংকজ জিদুং কে আদি কৰি বহুকেইগৰাকী বিশিষ্ট তথা সন্মানীয় ব্যক্তিৰ উপস্থিটিত বাচনিক্ৰমে অংকুৰজ্যোতি গোঁহাই (শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থী বঁটা), প্ৰনেস কেম্প্ৰাই আৰু চৰিতা থাওচেন (শ্ৰেষ্ঠ নিয়মানুৱৰ্তিতা বঁটা, দল নং-১ (শ্ৰেষ্ঠ দল), সূৰ্য্যৰাম জহৰি আৰু মাৰগাৰেট ট’প্পক উদগনি বঁটা প্ৰদান কৰা হয় ৷

অসম চৰকাৰৰ অধীনস্থ “অসম পৰ্বতাৰোহন তথা দুঃসাহসিক ক্ৰীড়ানুষ্ঠান”ৰ উদ্যোগত ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত উক্ত কাৰ্যসূচীয়ে ভবিষ্যত দিনত ডিমা হাচাও জিলাৰ পৰ্যটন বিকাশৰ লগতে স্থানীয় শিক্ষিত যুৱক যুৱতীসকলক পৰ্যটন আৰু দুঃসাহসিক ক্ৰীড়া ক্ষেত্ৰত আৰু অধিক আকৰ্ষিত কৰিব বুলি আশা কৰিব পাৰি ৷ বাতৰি প্ৰেৰণ কৰিছে তৰুণ শইকীয়া, জ্যেষ্ঠ পৰ্বতাৰোহণ প্ৰশিক্ষক,
ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়, দিছপুৰ, অসম ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments