Friday, September 30, 2022
HomeNewsযোগগুৰু প্ৰভাত চন্দ্ৰ বৰাক ওপজা দিনৰ ওলগ

যোগগুৰু প্ৰভাত চন্দ্ৰ বৰাক ওপজা দিনৰ ওলগ

✍️ নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও জিলাৰ ডিমৰুগুৰিৰ সমীপৰ তেলিয়া পহুকটা নিবাসী আন্তঃৰাষ্ট্ৰীয় যোগ ৰেফাৰী তথা বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰভাত চন্দ্ৰ বৰাৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে তেওঁক শুক্ৰবাৰে বিভিন্ন ক্ৰীড়া সংগঠন তথা ব্যক্তি বিশেষে ওলগ জনায় । এই উপলক্ষে বিয়লি তেওঁক ওপজা দিনৰ ওলগ জনায় সান্নিধ্য গোষ্ঠীৰ সভাপতি দেৱজ্যোতি গোস্বামী, শ্বাইন’ছ প্লেয়াৰ্ছৰ সভাপতি সমীৰ হাজৰিকা আৰু ৰেডিয়েণ্ট স্প’ৰ্টছ ক্লাবৰ সভাপতি দেৱজিৎ দাস আদিকে ধৰি আন কেইবাটাও অনুষ্ঠানে ।তদুপৰি তেওঁক অসম যোগ সংস্থাৰ সভাপতি তথা হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন কুমাৰ দাসেও ওপজা দিনৰ আনুষ্ঠানিক শুভেচ্ছা জ্ঞাপন কৰে । ৰাজ্যৰ প্ৰাক্তন ভলীবল খেলুৱৈ তথা ক্ৰীড়া সংগঠক জীৱন চূড়াণা আৰু প্ৰশান্ত কুমাৰ বৰায়ো যোগাসন ক্ৰীড়াৰ সংগঠকগৰাকীক শুভেচ্ছা জনাইছে । উল্লেখ্য যে,ওপজা দিনৰ ওলগ গ্ৰহণৰে যোগাসন ক্ৰীড়াৰ সংগঠকগৰাকীয়ে ক্ৰীড়াৰ দিশত আৰু অধিক মনোনিৱেশেৰে ভৱিষ্যৎে নিজকে ৰাইজৰ সেৱা কৰিবলৈ আৰ্শীবাদ বিচাৰি অনুৰোধ কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments