বিহুৱা শিল্পীলৈ অসম ক্ৰীড়া আৰু যুৱকল্যান বিভাগৰ আৰ্থিক সাহাৰ্য্য

অলিম্পিয়া বাৰ্তা

ক’ৰনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ এই সময়ত বিভিন্নজনক সহায়ৰ হাত আগবঢ়াইছে অসম ক্ৰীড়া আৰু যুৱকল্যান বিভাগে। আজিও অসম ক্ৰীড়া আৰু যুৱকল্যান বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰে ৰাজ্যৰ ১৫০ গৰাকী বিহুৱা শিল্পীক অনলাইন যোগে ১৫০০ টকাকৈ সাহায্য প্ৰদান কৰে। অসম অলিম্পিক সন্থাৰ সভাকক্ষত অনুস্থিত এই সাহাৰ্য্য প্ৰদান অনুষ্ঠানত বিহুৱা শিল্পীসকলৰ হৈ উপস্থিত থকা জেষ্ঠ্য ঢুলীয়া ৰঞ্জিত গগৈয়ে লক্ষ্য কোঁৱৰৰ এই প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ লগতে থলুৱা তথা আৰ্থিকভাৱে দুৰ্বল শিল্পী সকলক চৰকাৰী পক্ষৰ তৰফৰ পৰা উৎসাহ-উদ্দীপনা দিয়াৰ লগতে বছৰেকীয়া আৰ্থিক সাহাৰ্য্য দিয়াৰ পৃষ্ঠপোষকতা কৰাৰ বাবেও আহ্বান জনায়।লকডাউনৰ প্ৰথম পৰ্য্যায়ৰ পৰাই সদস্য সচিব লক্ষ্য কোঁৱৰে চিনেমা জগতৰ লগত জড়িত স্পট বয়, লাইটমেন, মেক আপ আৰ্টিষ্ট আদি লোকসকলক প্ৰায় দুসপ্তাহৰ খাদ্য সামগ্ৰী প্ৰদান কৰি সহায় সহযোগিতা আগবঢ়াই আহিছে। ইফালে, ভ্ৰাম্যমাণৰ একাংশ শিল্পীকো তেওঁ দ্বিতীয় পৰ্য্যায়ৰ লকডাউনৰ সময়ত চৰকাৰী পৃষ্ঠপোষকতা প্ৰদান কৰিছিল। আজিৰ এই অনুষ্ঠানত ৰঞ্জিত গগৈৰ লগতে কল্যান আশ্ৰম অসমৰ যুটীয়া সম্পাদক নিত্যৰঞ্জন দলে উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *