Monday, October 3, 2022
HomeNewsমুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অসম ক্ৰীড়া ব'ৰ্ডৰ বৈঠক; বহুকেইটা দিশৰ পৰ্যালোচনা

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অসম ক্ৰীড়া ব’ৰ্ডৰ বৈঠক; বহুকেইটা দিশৰ পৰ্যালোচনা

অলিম্পিয়া বাৰ্তা

আজি গুৱাহাটীত অনুষ্ঠিত হয় অসম ক্ৰীড়া ব’ৰ্ডৰ পৰিচালনা সমিতিৰ বৈঠক। বৈঠকত অধ্যক্ষতা কৰে মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে।

এই বৈঠকত ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা অসম ক্ৰীড়া ব’ৰ্ডৰ অন্তৰ্গত বিভিন্ন ক্ৰীড়া আন্তঃগাঁথনি, প্ৰকল্প আৰু ক্ৰীড়া সম্পৰ্কীয় অন্যান্য আনুষংগিক সুবিধা সন্দৰ্ভত বিষয়াবৰ্গই মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে।

উক্ত বৈঠকতে গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম প্ৰমুখ্যে অসমৰ বিভিন্ন খেলপথাৰ আৰু ক্ৰীড়া প্ৰকল্পসমূহৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। এইক্ষেত্ৰত অভিজ্ঞ আৰু পেছাদাৰী কৰ্তৃপক্ষৰদ্বাৰা উপযুক্ত আৰু ভৱিষ্যতমুখী বাণিজ্যিক ম’ডেল প্ৰস্তুত কৰিবলৈ বিষয়াসকলক তেখেতে নিৰ্দেশ প্ৰদান কৰে।

তদুপৰি, নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনি নিৰ্মাণৰ দিশত সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে যুৱ খেলুৱৈসকলৰ জ্ঞাতাৰ্থে ক্ৰীড়া সংক্ৰান্তীয় নতুন সুযোগ-সুবিধাসমূহৰ বিষয়েও প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ বিষয়ববীয়াক মুখ্যমন্ত্ৰীয়ে এই বৈঠকতে নিৰ্দেশ প্ৰদান কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments