Tuesday, October 4, 2022
HomeNewsঅসম ক্ৰীড়া সাংবাদিক সন্থাৰ মিডিয়া ফেষ্টিভেল,২৩-২৫ ফেব্ৰুৱাৰীত

অসম ক্ৰীড়া সাংবাদিক সন্থাৰ মিডিয়া ফেষ্টিভেল,২৩-২৫ ফেব্ৰুৱাৰীত

অলিম্পিয়া প্ৰতিবেদন

অসম ক্ৰীড়া সাংবাদিক সংস্থা ( এ এছ জে এ )ৰ মিডিয়া স্পৰ্টছ ফেষ্টিভেল অহা ২৩-২৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব । ইয়াত থাকিব আন্তঃমিডিয়া বেডমিন্টন, টেবুল টেনিছ আৰু দবা প্ৰতিযোগিতা । মাৰ্চৰ তৃতীয় সপ্তাহত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব হৰেন্দ্র নাথ বৰুৱা আন্তঃ মিডিয়া ফুটবল তথা টপছেম আন্তঃমিডিয়া ক্ৰিকেট প্ৰতিযোগিতা । ২৩ ফেব্ৰুৱাৰীত টেবুল টেনিছ, ২৪-২৫ ফেব্ৰুৱাৰীত বেডমিণ্টন আৰু ২৫ ফেব্ৰুৱাৰীত পুৰুষ আৰু মহিলাৰ দবা প্ৰতিযোগিতা হ’ব । অসমৰ ছপা আৰু ইলেকট্ৰনিক মিডিয়াৰ সংবাদ কৰ্মীয়ে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব । অংগ্ৰহণকাৰীয়ে সন্থাৰ যুটীয়া সম্পাদক ধীৰেণ শৰ্মা (৮৬৩৮৫-৭০৬২৩) নাইবা সহকাৰী সম্পাদক মুকুট শৰ্মা (৯৭০৬৫-৪২৪১২) ৰ সৈতে ২১ ফেব্ৰুৱাৰীৰ পূৰ্বে যোগাযোগ কৰিব পাৰিব । সকলো অংগ্ৰহণকাৰীয়ে কোভিদ ১৯ ৰ দুয়ো পালি প্ৰতিষেধক লোৱা হ’ব লাগিব আৰু পৰিচয় পত্ৰ লগত আনিব লাগিব । এই বাতৰি প্ৰেৰণ কৰিছে অসম ক্ৰীড়া সাংবাদিক সন্থাৰ সম্পাদক ইমটিয়াজ আহমেদে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments