Tuesday, July 5, 2022
HomeNewsঅসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ দশম বৰ্ষপুৰ্তি উপলক্ষে চাৰিগৰাকী যুৱ খেলুৱৈক সম্বৰ্ধনা

অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ দশম বৰ্ষপুৰ্তি উপলক্ষে চাৰিগৰাকী যুৱ খেলুৱৈক সম্বৰ্ধনা

অলিম্পিয়া প্ৰতিবেদন

ক্ৰীড়া সাংবাদিক কল্যান সন্থাৰ দশম বৰ্ষপূৰ্তি উপলক্ষে বৰ্ণাঢ্য অনুষ্ঠান। সম্বৰ্ধিত ৰাষ্ট্ৰীয় স্তৰত জিলিকি উঠা অসমৰ চাৰিগৰাকীকৈ উদীয়মান খেলুৱৈ। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্মৃতিগ্ৰন্থ উন্মোচন।

বুধবাৰে ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত অসম অলিম্পিক সন্থাৰ সভাগৃহত ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ দশম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত হয় এক বৰ্ণাঢ্য অনুষ্ঠানৰ। অনুষ্ঠানটোত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ, প্ৰশিক্ষক নিপন দাস, বিশিষ্ট সাংবাদিক জয়ন্ত দাস, উদয় বৰগোঁহাইকে আদি কৰি অন্যান্য নিমন্ত্রিত অতিথিসকল।অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অসমৰ চাৰিগৰাকীকৈ উজ্জ্বল ক্ৰীড়া প্ৰতিভাক ২০২০ আৰু ২১ বৰ্ষৰ গৌতম বৰা সোঁৱৰণি বঁটা আৰু কুলেন কলিতা সোঁৱৰণি ম’ষ্ট আপকামিং প্লেয়াৰ বঁটাৰে সন্মানিত কৰা হয় ।

২০১৯-২০ৰ গৌতম বৰা সোঁৱৰণি বঁটা লাভ কৰে খেল’ ইণ্ডিয়াত পাঁচোটাকৈ পদক লাভেৰে খলকনি তোলা অসমৰ উদীয়মান সাঁতোৰবিদ শিৱাংগী শৰ্মাই। বঁটাৰ সৈতে শিৱাংগীয়ে লাভ কৰে ২৫,০০০ টকাৰ নগদ ধনৰ লগতে এটা ট্ৰফী। শিৱাংগীৰ অনুপস্থিতিত বঁটাটো গ্ৰহণ কৰে তেওঁৰ মাতৃয়ে। ইপিনে, ২০১৯-২০ বৰ্ষৰ কুলেন কলিতা সোঁৱৰণি বঁটা লাভ কৰে খেল’ ইণ্ডিয়া যুৱ ক্রীড়াত স্বৰ্ণ লাভ কৰা জুডো খেলুৱৈ পূজা বসুমতাৰীয়ে।

ইপিনে, ২০২০-২১ বৰ্ষৰ গৌতম বৰা সোঁৱৰণি বঁটা আগবঢ়োৱা হৈছে শেহতীয়াকৈ ৰাষ্ট্ৰীয় এথলেটিকছত দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হোৱা অম্লান বৰগোঁহাইলৈ। অম্লানৰ হৈ এই বঁটা গ্ৰহণ কৰে প্ৰশিক্ষক নিপন দাসে। কুলেন কলিতা সোঁৱৰণি বঁটা লাভ কৰে ৰাষ্ট্ৰীয় বক্সিঙত পদক প্ৰাপ্ত খেলুৱৈ গৌৰৱ মজুমদাৰে। বঁটা গ্ৰহণ কৰি উদীয়মান বক্সাৰ গৌৰৱ মজুমদাৰে অলিম্পিয়াৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে এইদৰে।
আনহাতে এই অনুষ্ঠানতে ক্ৰীড়া চিন্তন শীৰ্ষক এখন আলোচনাচক্ৰত মিলিত হয় উপস্থিত ক্রীড়া সাংবাদিক, ক্ৰীড়াবিদকে ধৰি বিশিষ্ট ব্যক্তিসকল। উক্ত সভাতে ক্ৰীড়া সাহিত্যৰ প্ৰচাৰ তথা প্ৰসাৰৰ গুৰুত্বৰ বিষয়েও আলোকপাত কৰা হয়।
অনুষ্ঠানটোৰ বিশিষ্ট অতিথি মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈয়ে
অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাই বিগত সময়ছোৱাত গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।
আনহাতে জয়ন্ত দাস ,জিন্তু বৰঠাকুৰকে আদি কৰি বহুকেইগৰাকী ক্রীড়া সাংবাদিকক ক্ৰীড়া সাংবাদিকতাৰ ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্থাই এই সভাতে সম্বৰ্ধনা জনায়। অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ সম্পাদক হিল্লোল গগৈয়ে সন্থাৰ দশম বৰ্ষপুৰ্তি সন্দৰ্ভত কৰিছে মন্তব্য ।
বিগত সময়ছোৱাত সন্থাই ক্ৰীড়াৰ উত্তৰণৰ বাবে বহু পদক্ষেপ গ্ৰহন কৰি আহিছে । নতুন চিন্তা ধাৰণাৰে নৱ প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিবলৈ অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা প্ৰতিশ্ৰুতিবদ্ধ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments