Friday, September 30, 2022
HomeNews৯ এপ্ৰিলৰ পৰা আছাম ষ্টেট অপেন প্ৰাইজমানি বেঞ্চ প্ৰেছ(RAW) চেম্পিয়নশ্বিপ

৯ এপ্ৰিলৰ পৰা আছাম ষ্টেট অপেন প্ৰাইজমানি বেঞ্চ প্ৰেছ(RAW) চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন

অহা ৯ আৰু ১০ এপ্ৰিলত তিনিচুকীয়াত অনুষ্ঠিত হ’ব আছাম ষ্টেট অপেন প্ৰাইজমানি বেঞ্চ প্ৰেছ(RAW) চেম্পিয়নশ্বিপ। শংখৰাজ দ্য জিম নামৰ প্ৰতিষ্ঠানটোৱে আটাছু ছৈখোৱা শাখাৰ সহযোগ তথা তিনিচুকীয়া ডিষ্ট্ৰিক্ট পাৱাৰ লিফটাৰছ এছ’চিয়েচনৰ সৌজন্যত আয়োজন কৰিছে এই প্ৰতিযোগিতাৰ।

নেচনেল পাৱাৰ লিফটাৰ্ছ ফেডাৰেচন আৰু অসম পাৱাৰ লিফটাৰ্ছ এছোচিয়েচনৰ নীতি নিৰ্দেশনাৰ আধাৰত সমগ্ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ বিচৰা প্ৰতিযোগীসকলক সংখৰাজ গগৈ আৰু দীপাংকৰ সোনোৱালৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়।

মহিলা, পুৰুষ আৰু মাষ্টাৰ্ছ এই তিনিটা শাখাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতা ক্ৰমে পুৰুষৰ ৫৯,৬৬,৭৪,৯৩,১০৫,১২০ আৰু ১২০+ তথা মহিলাৰ ৪৭,৫২,৫৭,৬৩,৭২,৮৪ আৰু +৮৪ বয়স শাখাত অনুষ্ঠিত হব। প্ৰতিযোগিতাৰ বিজয়ীসকলক আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments