Sunday, October 2, 2022
HomeNewsবাবুল-কস্তুৰীলৈ শুভেচ্ছা : সুদূৰ ভাৰত মহাসাগৰত দুগৰাকী অসম সন্তৰণবিদৰ বিৰল কৃতিত্ব...

বাবুল-কস্তুৰীলৈ শুভেচ্ছা : সুদূৰ ভাৰত মহাসাগৰত দুগৰাকী অসম সন্তৰণবিদৰ বিৰল কৃতিত্ব অৰ্জন

অলিম্পিয়া প্ৰতিবেদন

সুদূৰ ভাৰত মহাসাগৰত দুগৰাকী অসম সন্তানৰ বিৰল কৃতিত্ব । গঢ়িলে বিশ্ব অভিলেখ ।শ্ৰীলংকাত গুৰু – শিষ্যই বিজয় উল্লাসত উৰুৱালে অসমৰ স্বাভিমানী গামোচা । সাঁতোৰ ক্ষেত্রত ৰচনা হ’ল এক ইতিহাস ।

অৱশেষত সন্তৰণবিদ বাবুল গুৰুং আৰু কনিষ্ঠ সন্তৰণবিদ কস্তুৰী গগৈৰ সপোনে পূৰ্ণতা পালে । গ্ৰীণিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম লিপিবদ্ধ কৰাৰ মানসেৰে বুধবাৰে পুৱতি নিশা ১ বজাত ভাৰত মহাসাগৰৰ বুকুত নামে দুয়ো । কলম্বোৰ মানাৰ দ্বীপৰ পৰা সাঁতোৰ আৰম্ভ কৰি ১৩ ঘন্টা ৫০ মিনিটত এই অভিযান সমাপ্ত কৰে তামিলনাডুৰ আৰ্চুল মোলাইত । মুঠ ১১০ কিঃ মি: জলপথ একেৰাহে সাঁতুৰি এই বিশ্ব অভিলেখ গঢ়াৰ দিশে আগবাঢ়িল দুয়ো ।

নিশাৰ ভাৰত মহাসাগৰ হৈ পৰে অশান্ত । উত্তাল তৰংগ, জেলি ফিছ আদিৰ দৰে প্ৰত্যাহ্বান নেওচি লক্ষ্যত উপনীত হৈছে বাবুল আৰু কস্তুৰী ।
উল্লেখযোগ্য যে, বাবুল গুৰুং হ’ল- ছাইৰ ড০ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সৰ সাঁতোৰ প্ৰশিক্ষক । তেওঁৰ তত্বাৱধানতে ১০ বছৰীয়া কস্তুৰীয়ে শিকিছে সাঁতোৰৰ আদিপাঠ । এই বিৰল কৃতিত্বৰ অধিকাৰী হোৱা কস্তুৰী গগৈ হ’ল গুৱাহাটীৰ মাৰিয়া প্লাবিক স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্রী । গুৱাহাটীৰ জাপৰিগোগৰ বাসিন্দা কস্তৰীৰ পিতৃ নৱজ্যোতি গগৈ আৰু মাতৃ মিতালী বৰুৱা । আজিৰ পৰা ৪ বছৰৰ পূৰ্বে সাঁতোৰ ক্ষেত্রত পৰ্দাপণ কৰি কণমাণি কস্তুৰীয়ে দিলে চমক । মাত্র ১০ বছৰ বয়সতে একেৰাহে ১৩ ঘন্টা ৫০ মিনিট ধৰি সাগৰৰ উত্তাল জলৰাশিত সাঁতোৰা কণমাণি কিশোৰী হয়তো পৃথিবীতে বিৰল ।
তেওঁলোকৰ এই যাত্রাকালত বিশেষভাৱে সহায় কৰিছে শ্ৰীলংকাৰ আৰক্ষী, ভাৰতীয় নৌসেনাই । স্বাস্থ্য পৰীক্ষাৰ অন্তত দুয়ো সুস্থ বুলি জানিব পৰা গৈছে ।
তেওঁলোকৰ এই সাফল্যত অসমৰ ক্ৰীড়ামন্ত্রী বিমল বৰা, ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰী, অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে জনাইছে শুভেচ্ছা ।
ক্ৰীড়া অনুৰাগীৰ আশা–দুয়োগৰাকী অসমৰ সন্তৰণবিদে বিশ্ব সাঁতোৰত গঢ়ি যাওক ইটোৰ পিছত সিটো অভিলেখ । আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো জিলিকি উঠক কস্তৰী । স্পৰ্শ কৰক সাঁতোৰৰ উন্নত শিখৰ ।

অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰাও দুয়ো গৰাকীলৈ থাকিল অযুত শুভকামনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen + six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments