Monday, October 3, 2022
HomeNewsআন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ আৰ্থিক অনুদান

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ আৰ্থিক অনুদান

সমগ্ৰ দেশ তথা ৰাজ্য কৰ’না মহামাৰীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱাৰ সময়ত বহুজনে নিজৰ মহানুভৱতাৰ পৰিচয় দি ইতিমধ্যে চৰকাৰী সাহাৰ্য্য নিধিলৈ সাহাৰ্য আগবঢ়াইছে। এইবাৰ এই কৰ’না বিৰোধী সংগ্ৰামখনলৈ সাহাৰ্য্য আগবঢ়াইছে অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজাৰিকাই। এলভিছ আলী হাজৰিকাই মুখ্যমন্ত্ৰীৰ অসম আৰোগ্য নিধিলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়। ক্ৰীড়াবিদগৰাকীয়ে জনতা ভৱনত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি চেকযোগে উক্ত ধনৰাশি প্ৰদান কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অসমৰ বহুকেইজন ক্ৰীড়াবিদে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ নগদ ধনৰ অনুদান আগবঢ়াইছিল। ধিং এক্সপ্ৰেছ হিমা দাস, তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই, শ্বুটাৰ হৃদয় হাজৰিকাকে আদি কৰি ৰাজ্যখনৰ আগশাৰীৰ ক্ৰীড়াবিদসকলে ইতিমধ্যেই ৰাজ্য চৰকাৰৰ কৰ’নাবিৰোধী এই সংগ্ৰামলৈ নিজ সাধ্য অনুসৰি সাহাৰ্য্য আগবঢ়াই নিজৰ মহানুভৱতাৰ পৰিচয় দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments