Tuesday, October 4, 2022
HomeNewsনৰ্থ চেনেল সাঁতুৰি পাৰ হোৱাৰ প্ৰস্তুতি সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ

নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱাৰ প্ৰস্তুতি সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ

অলিম্পিয়া প্রতিবেদন

অসম সাঁতোৰৰ গ্লেমাৰ বয় এলভিছ আলী হাজৰিকাই পুনৰ চেনেল ছুইমিঙলৈ মন মেলিছে। ২০২২ চনত নৰ্থ চেনেল সাঁতোৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে সাঁতোৰবিদগৰাকীয়ে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেই সাঁতোৰবিদগৰাকীয়ে নৰ্থ চেনেল সাঁতোৰাৰ কথা আছিল যদিও কোভিড মহামাৰীৰ বাবে তেওঁৰ সেই আশা নিৰ্বাপিত হৈছিল।

আজি গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা প্ৰকল্পস্থিত অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত পুনৰ নৰ্থ চেনেল সাঁতোৰাৰ কথা ব্যক্ত কৰে এলভিছ আলী হাজৰিকাই। ২০২২ ত নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱাৰ সপোন দেখা এলভিছক তেওঁৰ এই যাত্ৰাত সংগ দিব পশ্চিমবঙ্গৰ সাঁতোৰবিদ ৰিম’ সাহাই। ইয়াৰ লগতে সকলো ঠিকে থাকিলে ২০২৩ চনত তেওঁ ইংলিছ চেনেলো সাঁতুৰি পাৰ কৰাৰ কথা আজিৰ এই সংবাদমেলতে সদৰী কৰে তেওঁ।

উল্লেখযোগ্য যে, তেওঁৰ এই নৰ্থ চেনেল যাত্ৰা অসম সাঁতোৰ সন্থাৰ অধীনত থাকিব। এই সাঁতোৰ যাত্ৰাক তেওঁ কোভিড যোদ্ধাসকলৰ নামত উৎসৰ্গা কৰিব বুলিও জানিবলৈ দিয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments