Tuesday, October 4, 2022
HomeNewsঅসম T20 চেলেঞ্জাৰ্ছ ট্ৰফী: বৰাক ব্ৰেভহাৰ্টছ, দিহিং পাটকাই ৰাইডাৰ্ছৰ জয়লাভ

অসম T20 চেলেঞ্জাৰ্ছ ট্ৰফী: বৰাক ব্ৰেভহাৰ্টছ, দিহিং পাটকাই ৰাইডাৰ্ছৰ জয়লাভ

অলিম্পিয়া প্রতিবেদন

গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম টি টুৱেন্টি চেলেঞ্জাৰ্ছ ট্ৰফীৰ আজিৰ দুখনকৈ মেচত জয়লাভ কৰিছে ক্ৰমে বৰাক ব্ৰেভহাৰ্টছ আৰু দিহিং পাটকাই ৰাইডাৰ্ছে। প্ৰথম মেচখনত বৰাক ব্ৰেভহাৰ্টছে প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰা ১০২ ৰানৰ প্ৰত্যুত্তৰত ব্ৰহ্মপুত্ৰ বইজে নিৰ্ধাৰিত ১৬ অভাৰত ১০১ ৰানহে কৰিবলৈ সক্ষম হয়। ব্ৰহ্মপুত্ৰ বইজৰ ঋষভ দাসৰ দৰ্শনীয় ৫৮ ৰান অথলে যায়। ঋষভ দাসে মেন অৱ দ্য মেচৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।

দিনটোৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হৈছিল মানস টাইগাৰ্ছ আৰু দিহিং পাটকাই ৰাইডাৰ্ছৰ মাজত। মেচখনত প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত মানস টাইগাৰ্ছে ১৩১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। প্ৰত্যুত্তৰত দিহিং পাটকাই ৰাইডাৰ্ছে ১ টা বল বাকী থকা অৱস্থাত বিজয় লক্ষ্যত উপনীত হয়। দিহিং পাটকাইৰ ৰোহীনন্দন পেগুৱে মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments