Tuesday, October 4, 2022
HomeNewsঅসম টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফী: কাজিৰঙা হিৰোজ, সোঁৱণশিৰী চেম্পছৰ জয়লাভ

অসম টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফী: কাজিৰঙা হিৰোজ, সোঁৱণশিৰী চেম্পছৰ জয়লাভ

অলিম্পিয়া প্রতিবেদন

চলিত অসম টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফীৰ সোমবাৰে অনুষ্ঠিত দুখনকৈ মেচত জয়লাভ কৰিছে ক্ৰমে কাজিৰঙা হিৰোজ আৰু সোঁৱণশিৰী চেম্পছে। জজ খেলপথাৰত অনুষ্ঠিত প্ৰথমখন মেচত মানস টাইগাৰ্ছে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত সংগ্ৰহ কৰে ১২৭ ৰান। দলটোৰ হৈ ৰ’মাৰিয়’ শৰ্মাই ৫৯ ৰান কৰিবলৈ সক্ষম হয়। কাজিৰঙা হিৰোজৰ হৈ অমিত সিংহই সৰ্বাধিক ২ টা উইকেট লাভ কৰে। ১২৮ ৰানৰ লক্ষ্য আগত লৈ ক্ৰিজত নমা কাজিৰঙা হিৰোজে ১৮ অভাৰত ২ টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। কাজিৰঙা হিৰোজৰ হৈ ডেনিছ দাসে ৭১ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে।

ইফালে দিনটোৰ দ্বিতীয়খন মেচত ব্ৰহ্মপুত্ৰ বইজক ২৪ ৰানত পৰাস্ত কৰে সোঁৱণশিৰী চেম্পছে। সোঁৱণশিৰী চেম্পছে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ১৪৯ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ছাহিল জৈনে ৬৫ আৰু সম্যদ্বীপ দাসে ৩১ ৰান সংগ্ৰহ কৰে। ব্ৰহ্মপুত্ৰ বইজৰ হৈ মুখটাৰ হুছেইনে সৰ্বাধিক ২ টা উইকেট লাভ কৰে। প্ৰতিকূল বতৰৰ বাবে ভি জে ডি পদ্ধতিৰে ব্ৰহ্মপুত্ৰ বইজৰ বাবে ১৬ অভাৰত ১০৯ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়। কিন্তু ব্ৰহ্মপুত্ৰ বইজে কেৱল ৮৪ ৰানহে কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ ঋষভ দাসে সৰ্বাধিক ৫০ ৰান কৰাৰ বিপৰীতে প্ৰতিপক্ষৰ সিদ্ধাৰ্থ শৰ্মাই ২ টা উইকেট লাভ কৰিবলৈ সক্ষম হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments