Monday, October 3, 2022
HomeNewsপ্ৰথম ৰাষ্ট্ৰীয় ভাৰ্চুৱেল টাং চু ডু চেম্পিয়নশ্বিপত অসমৰ সাফল্য

প্ৰথম ৰাষ্ট্ৰীয় ভাৰ্চুৱেল টাং চু ডু চেম্পিয়নশ্বিপত অসমৰ সাফল্য

অলিম্পিয়া প্ৰতিবেদন

যোৱা ১১ আৰু ১২ জুলাইত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ভাৰ্চুৱেল টাং চু ডু চেম্পিয়নশ্বিপত অসমে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। দেশৰ১৫ খন ৰাজ্যৰ লগতে অসমৰ মুঠ ৭০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনত অসমৰ ছোৱালী শাখাই তৃতীয় স্থান দখল কৰে।

ছোৱালীৰ বিভিন্ন শাখাত ক্ৰমে অনুৰ্ধ ১৮ শাখাত টিনামণি বৰাই stick কাটাত প্ৰথম আৰু Aero Martial Art ত দ্বিতীয়, Black Belt অনুৰ্ধ ১৪ ত পঞ্চি দে’ই Aero Martial Art ত প্ৰথম আৰু কাটাত দ্বিতীয়, stick কাটাত আদিত্যবৰ্ণা বৰগোঁহাইয়ে প্ৰথম স্থান দখল কৰিছে।

১৮উৰ্ধৰ black belt শাখাত stick kata আৰু aero martial art ত শিৱানী প্ৰিয়দৰ্শিনী বুঢ়াগোহাঁইয়ে দ্বিতীয় স্থান, Colour belt ত kata আৰু stick Kata ত জেউতি ৰাগিনী দেউৰীয়ে তৃতীয় স্থান লাভ কৰিছে।

অনুৰ্ধৰ ১১ ৰ Kata ত সাস্বতী ভাস্কৰে প্ৰথম আৰু বৈষ্ণৱী দিহিঙীয়াই প্ৰথম স্থান লাভ কৰে।

অনুৰ্ধ ১৪ৰ kata ত লিজা ডেকাই তৃতীয় stick Kata ত গায়ত্ৰী বৰাই তৃতীয় আৰু aero Martial art ত পল্লৱী বৰাৰ তৃতীয় স্থান প্ৰাপ্তিৰসহিতে অসমৰ ছোৱালী দলটোৱে তৃতীয় শ্ৰেষ্ঠ দলৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।

আনহাতে ল’ৰাৰ অনুৰ্ধ ১১ ত বিভিন্ন কাটাত স্বৰাজ দত্ত, কৃষ্ণাণণ বৰুৱা, ৰিপুঞ্জয় বুঢ়াগোহাঁই আৰু উদিপ্ত মেধীয়ে তৃতীয় স্থান দখল কৰিছে।

অনুৰ্ধ ১৪ ত চাণক্য কাকতিয়ে কাটাত দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰাৰ লগতে অভিনৱ গগৈ আৰু অভিষেক শ‌ইকীয়া‌ই কাটাত তৃতীয় স্থান দখল কৰে।

অনুৰ্ধ ১৮ ত ক্ৰমে দ্বিপজ্যোতি গগৈ, ভৱৰ্ণৱ অশোক শ‌ইকীয়াই তৃতীয় স্থান দখল কৰিছে‌। black belt কাটাত ৰোহণ আলিয়ে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা সকলো খেলুৱৈ, প্ৰশিক্ষক, বিচাৰকক পদ্মবিভূষণ, পদ্মশ্ৰী, মহাবলী শতপাত মহাৰাজ আৰু অলিম্পিক পদক বিজয়ী তথা স্কুল গেমছ ফেডাৰেচনৰ সভাপতি সুশীল কুমাৰে অভিনন্দন জনায়। অসমৰ মুখ্য কাৰিকৰী প্ৰশিক্ষক দেৱজিৎ গগৈয়ে অংশগ্ৰহণকাৰী সকলো খেলুৱৈৰ লগতে অভিভাৱক সকলকো এই মহামাৰীৰ সময়ত ঘৰতে আৱদ্ধ হৈ থাকিও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনায়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments